মিত্ৰজোঁটৰ সংকল্প সমাৰোহ : হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ সময়তে উৰিল প্ৰতিবাদকাৰীৰ ক’লা বেলুন

3(1)

বোকাখাতত অনুষ্ঠিত সংকল্প সমাৰোহত মুখ্য মন্ত্ৰীকে ধৰি মিত্ৰ জোঁটৰ নেতা। ফটো: নৰ্থইষ্ট নাও

বোকাখাতৰ ৰাজহুৱা খেলপথাৰত শুকুৰবাৰে আয়োজিত হয় ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু গণ শক্তিৰ উদ্যোগত সংকল্প সমাৰোহ ৷

শান্তি সমদলেৰে আয়োজিত এই অনুষ্ঠানটো মুৰকত সংকল্প সমাৰোহ কৰা হয় ৷ অনুষ্ঠানলৈ হেলিকপ্তাৰেৰে আহে সৰ্বানন্দ সোনোৱাল। সৰ্বানন্দ সোনোৱালৰ উপস্থিতিৰ লগে লগে আৰম্ভ হয় সংকল্প সমাৰোহ ৷

অতুল বৰাৰ ভাষণেৰে আৰম্ভ হয় অনুষ্ঠানৰ ৷ ভাষণত অতুল বৰাই নৰেন্দ্ৰ মোডী আৰু সৰ্বানন্দ সোনোৱালৰ নেতৃত্বক স্বীকাৰ কৰি অসমত হোৱা প্ৰগতিৰ কথা বৰ্ণনা কৰে।

সংকল্প সমাৰোহৰ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা,পল্লৱ লোচন দাস, গণ শক্তিৰ ডাঃ ৰনোজ পেগু, নৱ দলে, ৰঞ্জিত দাস, কেশৱ মহন্ত, যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

অনুষ্ঠানত সমবেত প্ৰায় ৩০ হেজাৰ লোকক সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্বই কয় যে বোকাখাতত সমবেত হোৱা এই জন সমাগমে অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ পাঁচখন ৰাজ্য ভিতৰত এখন কৰাৰ বাবে সংকল্প লবৰ বাবে আহ্বান জনায় ৷

হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ সময়তে খেল পথাৰৰ আকাশত দেখিবলৈ পোৱা গ’ল ক’লা বেলুন ৷ হিমন্তৰ বিশ্বৰ ভাষণৰ সময়তে আকাশত উৰা এই ক’লা বেলুনে সমবেত সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে অস্বস্তিত পেলায় ভাষণৰত মন্ত্ৰী জনকো ৷

মন্ত্ৰী জনে গোলাঘাটত এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ৷

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপৰিও মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালেও ভাষণ প্ৰদান কৰি নৰেন্দ্ৰ মোডীৰ অৱদানৰ কথা কৈ সমবেত সমাগমক মোডীৰ বাবে হাত চাপৰি বজাবলৈ বাৰে বাৰে আহ্বান জনায় ৷ মুখ্যমন্ত্ৰীৰ ভাষণেৰেই সামৰণি পৰে বিজেপি আৰু মিত্ৰ জোটৰ সংকল্প সমাৰোহ ৷

সমাৰোহত ৭০ হেজাৰ মানুহৰ সমাগম হোৱা বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলেও মুলত ৩০ হেজাৰমানহে মানুহৰ সমাগমহে হৈছিল ৷ মানুহ গোটাবৰ বাবে বিভিন্ন কৌশলো প্ৰয়োগ কৰাৰ অভিযোগ পোৱা গ’ল ৷

বোকাখাতৰ উপৰিও কলিয়াবৰ, গোলাঘাট, সৰুপথাৰ যোৰহাটৰ পৰাও ভাড়া কৰা গাড়ীৰে অনা হৈছিল মানুহ ৷ ইফালে সমাবেশৰ প্ৰাক ক্ষণত বোকাখাত আৰু কাজিৰঙাত চলোৱা হৈছিল আৰক্ষীৰ বিশেষ অভিযান ৷

সংকল্প সমাৰোহৰ সময়ত যাতে কোনেও কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসুচী বা ক’লা পতাকা আদি প্ৰদৰ্শন কৰিব নোৱাৰে তাৰ বাবে আছুৰ হৰ্ষ জ্যোতি ভূঞা, দিপাংকৰ বৰা, হেমাংগ শইকীয়া, যুৱ কংগ্ৰেছৰ গোপাল দাস, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিপুল বৰা আৰু আনন্দ গগৈক নিজ বাসগৃহৰ পৰাই  আটক কৰে আৰক্ষীয়ে ৷

ছাত্ৰ নেতাক এইদৰে আটক কৰা ঘটনাই বোকাখাতত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰে ৷