বাক্সা জিলাৰ দ্বাৰকুছি আৰু কুমাৰীকাটাত কোঁচ ৰাজবংশী ছাত্র সন্থাৰ ক’লা দিৱস পালন

ফটো : নৰ্থ-ইষ্ট নাও

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত কোঁচ ৰাজবংশী ছাত্র সন্থাৰ  প্ৰতাৰণা দিৱস পালন। কুমাৰীকাটা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত পালন কৰা হয় এই প্ৰতাৰণা দিৱস।

সম্পূৰ্ণ সামাজিক দূৰত্ব মানি চলি পালন কৰে এই প্ৰতাৰণা দিৱস। প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায়! হায়!, ভাৰত চৰকাৰ হায়! হায়!,  আমাক এছ টি কৰিব লাগিবই আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

১৯৪৯ চনৰ ২৮ আগষ্টৰ দিনা ভাৰত চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক নিঃশেষ কৰাৰ পৰিকল্পনাৰে কমতাপুৰ ৰাজ্যৰ লগত এক চুক্তি যোগে মাৰ্জাৰ চুক্তি কৰি ভাৰতবৰ্ষৰ লগত চামিল কৰে। উক্ত দিনটো কোচ ৰাজবংশী জনগোষ্ঠীৰ এক ক’লা ইতিহাস হিচাপে পৰিগণিত হয়।

উক্ত দিনাখনৰে পৰা ভাৰত চৰকাৰে ৰাজনৈতিক ভাৱে কোচ ৰাজবংশী জনগোষ্ঠীক চাৰিওফালৰ পৰা প্ৰতাৰণা কৰা পৰিলক্ষিত হয়। লগতে ঐতিহাসিক কমতাপুৰৰ ভূমি খণ্ড বিখণ্ড কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাজহাড় ভাঙি দিয়া বাবে উক্ত দিনটোক প্ৰতাৰণা দিৱস হিচাপে পালন কৰি অহা হৈছে।

কুমাৰীকাটাৰ লগতে বাক্সা জিলাৰ দ্বাৰকুছিতো কামৰূপ জিলা কোঁচ ৰাজবংশী ছাত্র সন্থাই কলা পতাকা প্ৰদৰ্শন কৰি কলা দিৱস তথা প্ৰতাৰণা দিৱস পালন কৰে।

বাক্সা জিলাৰ দ্বাৰকুছিতো কোঁচ ৰাজবংশী ছাত্র সন্থাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত প্ৰতাৰণা দিৱস পালন কৰা হয়।

কোঁচ ৰাজবংশী সকলক জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য গঠনৰ দাবী পূৰণ নকৰি জনগোষ্ঠীটোক চৰকাৰে প্ৰতাৰণা কৰি অহাৰ বাবে আজি ২৮ আগষ্ট তাৰিখে ছাত্র সংগঠনটোৱে বাক্সা জিলাৰ দ্বাৰকুচিত ৰঙিয়া-তামুলপুৰ-ভুটান পথত কলা পতাকা প্ৰদৰ্শন কৰি কলা দিৱস তথা প্ৰতাৰণা দিৱস পালন কৰে।

অতি শীঘ্ৰে কোঁচ ৰাজবংশী সকলক জনজাতিকৰণ নকৰিলে আৰু কমতাপুৰ ৰাজ্য গঠন নকৰিলে ভৱিষ্যতে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন কৰাৰ সকীয়নী দিয়ে ছাত্র সংগঠনৰ নেতা সকলে।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে কামৰূপ জিলা কোঁচ ৰাজবংশী ছাত্র সংস্থাৰ সভাপতি দিগন্ত তালুকদাৰ, কামৰূপ জিলা কোঁচ ৰাজবংশী ছাত্র সন্থাৰ সম্পাদক কৰুণা দাস, তামুলপুৰ আঞ্চলিক কোঁচ ৰাজবংশী ছাত্র সন্থাৰ সাংস্কৃতিক সম্পাদক দীনেশ দাস, দোংপাৰ শাখা কোঁচ ৰাজবংশী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক প্ৰাণেশ্বৰ দাস, দোংপাৰ শাখা কোঁচ ৰাজবংশী ছাত্র সন্থাৰ সহকাৰী সম্পাদক  হিতেশ দাস, দোংপাৰ শাখাৰ সাংগঠনিক সম্পাদক কৃষ্ণ দাস, দ্বাৰকুচি আঞ্চলিক কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক ৰুবুল দাসৰ লগতে সংগঠনটোৰ কেইবাগৰাকীও নেতা কৰ্মী উপস্থিত থাকে।