মাইবাং ৰেইল ষ্টেইশ্যনত ক’লা দিৱস পালন ডিমা হাচাওবাসীৰ

ডিমা হাচাওৰ অংশক নাগালিমত অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰিবলৈ গৈ দুবছৰ পূৰ্বে চহিদ হৈছিল দুজন

Dima Hasao Martyr's day

মাইবাং ৰেইলষ্টেইশ্যনত ক'লা দিৱস পালনৰ দৃশ্য।

নাগালিমত ডিমা হাচাও জিলাৰ ভূমি অন্তভুৰ্ক্ত কৰাৰ প্ৰতিবাদ কৰিবলৈ গৈ মাইবাং ৰেইল ষ্টেইশ্যনত আৰক্ষীৰ গুলীত চহিদ হোৱা যুৱক দুজনৰ স্মৃতিত আজি ৰেইল ষ্টেইশ্যনটোত ক’লা দিৱস পালন কৰে ডিমা হাচাওবাসীয়ে।

প্ৰতিবাদকাৰীসকলে ২০১৮ চনৰ ২৫ জানুৱাৰিত প্ৰতিবাদৰ কাৰ্য্যসূচীৰ অংশ স্বৰূপে ৰেইল ষ্টেইশ্যনটোত ৰে’ল অৱৰোধ  গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল।

প্ৰতিবাদকাৰীলৈ আৰক্ষীয়ে গুলী চলোৱাত দুজন তেজাল যুবক, ক্ৰমে- মিথুঞ্জয় দিব্ৰাগেডে আৰু প্ৰবান্ত হাকমাউচায় নিহত হয়। লগতে একাধিক যুবক-যুবতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল গুলী চালনাৰ ঘটনাটোত।

চৰকাৰে তেতিয়াৰ অতিৰিক্ত মুখ্য সচিব পি ভি প্যাৰেলালক তদন্তৰ দায়িত্ব তুলি দিছিল যদিও আজি পৰ্য্যন্ত সেই তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নহ’ল বা তাৰ ভিত্তিত কোনো ব্যৱস্থা নহ’ল।

অবশ্যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা মিথুঞ্জয়ৰ পৰিবাৰ বেবি ফংল’ দিব্ৰাগেডেক চৰকাৰী চাকৰি প্ৰদান কৰিছে।

দুৰ্ভাগ্যজনক ঘটনাটোৰ দুটা বছৰ পূৰ্তিত আজি ২৫ জানুৱাৰি দিনটোক ক’লা দিৱস হিচাপে পালন কৰে ডিমা হাচাও জিলাবাসীয়ে।

এই উপলক্ষে মাইবাং ৰেইল ষ্টেইশ্যনত এখন প্ৰতিবাদী সভাৰ আয়োজন কৰা হয়, য’ত চহিদ পৰিয়ালৰ লোকসকল উপস্থিত থাকে।

ছাত্ৰ সংগঠন ডিমাচা ষ্টুডেণ্টছ য়ুনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক প্ৰমিত চেংগুইন, মাইবাঙৰ বিশিষ্ট নাগৰিক জৈতলাল জিদুং, ডিমাচা উইমেন এছ’চিয়েশ্যনৰ কল্পিতা কেম্প্ৰাই   আডছু নেতা মাইৰিং জহৰীৰ উপৰি মাইবাঙৰ বাঙালী সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে। উপস্থিত প্ৰতিগৰাকী পুৰুষ-মহিলাই ক’লা বেজ পৰিধান কৰে।

উল্লেখ কৰিব পাৰি যে ২৪ জানুৱাৰিত দিয়া এটা প্ৰেছ বিবৃতিৰ জৰিয়তে ডিমাচা নেশ্যনেল লিবাৰেইশ্যন আৰ্মি চমুকৈ ডি এন এল এ-ই ২৫ জানুৱাৰি দিনটো ডিমাচা চহিদ দিৱস হিচাপে পালন কৰাৰ আহ্বান জনাইছিল।