কাবুলত স্কুলৰ কাষতে ভয়ংকৰ বিস্ফোৰণত কমেও ৫০জনৰ মৃত্যু; অধিকাংশই শিক্ষাৰ্থী

WhatsApp Image 2021-05-09 at 7.10.06 AM

আফগানিস্তানৰ ৰাজধানী কাবুলত এখন স্কুলৰ কাষতে শনিবাৰে সংঘটিত এক ভয়ংকৰ বিস্ফোৰণত কমেও ৫০জন লোক নিহত হৈছে। ঘটনাত আন ১৫০ৰো অধিক লোক আহত হৈছে।

বাতৰি অনুসৰি, ছিয়া অধ্যুষিত অঞ্চলত থকা ছৈয়দ আল-শ্বাহদা স্কুলৰ কাষত এই বিস্ফোৰণটো ঘটিছে। নিহতসকলৰ অধিকাংশই শিক্ষাৰ্থী বুলি কোৱা হৈছে।

বিস্ফোৰণস্থলীত আহতসকলক উদ্ধাৰৰ বাবে এম্বুলেন্সৰ লানি লাগি যায়। ঘটনাত বিক্ষুব্ধ স্থানীয় লোকে স্বাস্থ্যকৰ্মীৰ ওপৰতো আক্ৰমণ চলায়। ঘটনাস্থলীত যাতে সুকলমে এম্বুলেন্স যাব পাৰে তাৰবাবে ব্যৱস্থা কৰিবলৈ স্বাস্থ্যমন্ত্ৰ্যালয়ে প্ৰশাসনক আহ্বান জনায়।

আনহাতে, আহত লোকসকলক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি ওচৰৰে মহম্মদ আলি জিন্না হাস্পাতালত ভৰ্তি কৰা হৈছে। কমেও ১০০জন আহত ব্যক্তিক হাস্পাতালখনত ভৰ্তি কৰা হৈছে।

ইপিনে, এতিয়ালৈকে এই আক্ৰমণৰ ঘটনাৰ দায়িত্ব কোনেও স্বীকাৰ কৰা নাই। তথাপি ছিয়া অঞ্চলত এই আক্ৰমণৰ ঘটনাৰ আঁৰত ইছলামিক ষ্টেট গোষ্ঠী থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে।

শনিবাৰেই আমেৰিকাই আফগানিস্তানৰ পৰা অন্তিম পৰ্যায়ৰ সেনা প্ৰত্যাহাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু ইয়াৰ ২৪ ঘন্টাৰ ভিতৰতে এই আক্ৰমণৰ ঘটনা সংঘটিত হয়।