মানুহে এতিয়া বিচাৰিছে ধৰ্ষণ বিৰোধী ভেকচিন; মন্তব্য বাংলাদেশী নেতাৰ

Gayeshwar-Chandra-Roy

বাংলাদেশৰ বিএনপি নেতা গয়েশ্বৰ চন্দ্ৰ ৰায়। ফাইল ফটো

ভাৰততে নহয়, চুবুৰীয়া বাংলাদেশতো বাৰে বাৰে সংঘটিত হৈছে ধৰ্ষণৰ দৰে জঘন্য ঘটনা। ইয়াৰ ফলত দেশখনত ক্ষমতাত থকা আৱামী লীগৰ চৰকাৰখন অস্বস্তিত পৰিছে।

আনহাতে, আৱামী লীগৰ শাখা সংগঠন ছাত্ৰ গোটৰ একাংশ সদস্য বাৰে বাৰে এনে অভিযোগৰ লক্ষ্য হৈ পৰিছে।

ইয়াৰ মাজতে চৰকাৰক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈ বিএনপিৰ এগৰাকী শীৰ্ষ নেতা গয়েশ্বৰ চন্দ্ৰ ৰায় সৰৱ হৈ পৰিছে।

বিএনপিৰ স্থায়ী কমিটিৰ সদস্য গয়েশ্বৰ ৰায়ে কয় যে মানুহে কৰ’না ভাইৰাছৰ ভেকচিন নিবিচাৰে। মানুহে ধৰ্ষণ বিৰোধী ভেকচিনহে বিচাৰে।

অলপতে ধৰ্ষণ বিৰোধী এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল দলৰ নেত্ৰী তথা প্ৰাক্তন প্ৰধান মন্ত্ৰী খালেদা জিয়াৰ ঘনিষ্ঠ বিএনপিৰ নেতাগৰাকীয়ে।

বিএনপি নেতা গয়েশ্বৰ ৰায়ে লগতে কয় যে মানুহে এতিয়া মান-সন্মান লৈ মৰিব বিচাৰে। ধৰ্ষণ কৰ’নাতকৈয়ো বিপজ্জনক হৈ পৰিছে।