NORTHEAST NOW (Assamese)

চামগুৰিত ভায়ৱহ বান পৰিস্থিতি; ভগামুখত ১০ জনকৈ যাত্ৰী কঢ়িয়াই অনা নাও দুৰ্ঘটনাত পতিত

July 13, 2019 10:06 pm · ভাৰ্গব হাজৰিকা

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱাৰ বান পৰিস্থিতি ক্ৰমাৎ অধিক অৱনতি ঘটিছে। আজি চতুৰ্থ দিনাও ক্ৰমাৎ জলমগ্ন হৈছে ইখনৰ পিছত সিখন গাঁও। মহাবাহু ব্ৰহ্মপুত্ৰ ভায়াৱহ বানৰ কবলত পৰি জলবন্দী হৈ আছে ৪ নং ভগামুখৰ লগতে লাওখোৱা অঞ্চলৰ তিনি সহস্ৰাধিক লোক।

আজি বিয়লি লাওখোৱাৰ ৪ নং ভগামুখত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়। ধনীয়া গাঁৱৰ পৰা লাওখোৱালৈ নাওখন আহি থকা অৱস্থাত বাঢ়নী পানীৰ সোঁতে নাওখন লুটিয়াই দিয়ে। অৱশ্যে স্থানীয় এজন যুৱকে অতি সাহসেৰে নাওখনত থকা শিশু-মহিলাসহ আটাইকেইজন যাত্ৰীকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

মন কৰিবলগীয়া যে বগৰিআটি প্ৰাথমিক বিদ্যালয়ৰ লগতে বিভিন্ন স্থানত কেইবাটাও পৰিয়াল আবদ্ধ হৈ আছে যদিও বৰ্তমান পৰ্যন্ত চৰকাৰ তথা জলসম্পদ বিভাগে এইসকল লোকক উদ্ধাৰৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে।

বিপৰীতে স্থানীয় কেইজনমান যুৱকে অতি সাহসিকতাৰে এইসকল লোকক উদ্ধাৰ কৰিবলৈ অহৰহ চেষ্টা চলাইছে। আনহাতে কিছুলোকে নাৱৰ সহায়তে নিৰাপদ স্থান বিচাৰি মথাউৰিলৈ ঢাপলি মেলিছে৷।

Related News