DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৱা ২০ বছৰত বান-গৰাখহনীয়াত উছন হ’ল ৰাজ্যৰ ৪,০৫,৬৬০ বিঘা ভূমি : অসম সংগ্ৰামী মঞ্চ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 13, 2019 10:50 pm
Gohpur- villager Heavy rainfall likely over Assam, Meghalaya and Arunachal Pradesh in next 24 hours

গহপুৰ, বানত আক্ৰান্ত গাঁওবাসী। ফটো- য়ু বি

938
VIEWS
Share on FacebookShare on Twitter

‘আৰু কিমান অসম সন্তানৰ মৃত্যু হ’লে, কিমান খেতি মাটি ব্ৰহ্মপুত্ৰই খহাই নিলে, কিমান শস্যভূমি নষ্ট হ’লে তথা কিমান জীৱ-জন্তুৰ মৃত্যু হ’লে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব কেন্দ্ৰীয় চৰকাৰে?’ আজি ৰাজগড়স্থিত অসম সংগ্ৰামী মঞ্চৰ ৰাজ্যিক কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই প্ৰশ্ন কৰে দলটোৰ কাৰ্য্যকৰী সভাপতি অদীপ ফুকনে।

‘১৮৯৭ চনৰ পৰা অসমবাসীয়ে বানপানীৰ লগত যুঁজি থাকিবলগীয়া হৈছে। ভাৰতৰ ১০.২ শতাংশ ভূমি বান আক্ৰান্ত হোৱাৰ বিপৰীতে অসমৰ ৩৯.৫৮ শতাংশ ভূমি বান আক্ৰান্ত। ১৯৯০ চনৰ পৰা প্ৰতিবছৰে গড়ে ৬২ বৰ্গ কিল’মিটাৰ মাটি খহাই নিছে ব্ৰহ্মপুত্ৰই। যোৱা ২৯ বছৰত ব্ৰহ্মপুত্ৰই ১,৯১৮ বৰ্গ কিল’মিটাৰ ভূমি খহাই নিয়াৰ পাছতো এই সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰা নহ’ল কিয়?’ অদীপ ফুকনৰ প্ৰশ্ন।

১৯২৮ চনৰ পৰা ৭৮ বছৰত ব্ৰহ্মপুত্ৰৰ পৰিষৰ ২২১০ বৰ্গ কিল’মিটাৰলৈ বৃদ্ধি পালে বুলি উল্লেখ কৰি ফুকনে কয়, ‘১৯২৮ চনত ব্ৰহ্মপুত্ৰৰ পৰিসৰ আছিল ৩,৮৭০ বৰ্গ কিল’মিটাৰ, ২০০৬ চনত ই ৬০৮০ বৰ্গ কিল’মিটাৰলৈ বৃদ্ধি পালে।’

অসম সংগ্ৰামী মঞ্চৰ সংবাদমেলৰ ছবি : ফটো, নৰ্থ-ইষ্ট নাও

ইয়াৰোপৰি, ৰাজ্যত যোৱা ২০ বছৰত গৰাখহনীয়াত ৪,০৫,৬৬০ বিঘা ভূমি উছন হ’ল বুলি উল্লেখ কৰি তেওঁ কয়, ‘১৯৫০ চনত ব্ৰহ্মপুত্ৰই ১.২৫ লাখ কৃষিজীৱি পৰিয়ালৰ প্ৰায় ৪.২৭ লাখ হেক্টৰ ভূমি বিলুপ্তি কৰিছে। ১৯৫১ চনত মাজুলীৰ মুঠ ভূমি আছিল ৯,২৩,৭১২ বিঘা ৩ কঠা ৪ লেচা। ২০১৭ চনত ব্ৰহ্মপুত্ৰৰ কবলত পৰি মাজুলীৰ ভূমি হ’লগৈ ৫,২৫,২৩৬ বিঘা ১২ লেচা। মুঠ ৪,০৫,৪৭৬ বিঘা ভূমি ব্ৰহ্মপুত্ৰত জাহ গ’ল।‘

‘১৯৫৩ চনৰ পৰা ২০১৭ চনলৈ কেন্দ্ৰীয় চৰকাৰে সংসদত দিয়া তথ্য মতে অসমৰ ৩,০৯৩ জন লোকৰ আৰু ৬,৭৯,৫৭৮ জীৱ-জন্তুৰ বানৰ কবলত পৰি মৃত্যু হৈছে,, ৪,৩৯,৩১২ টা গৃহ ব্ৰহ্মপুত্ৰত জাহ গৈছে। প্ৰকৃতাৰ্থত ক্ষতিৰ পৰিমাণ চৰকাৰী তথ্যতকৈ অধিক।’ ফুকনে এইদৰে কয়।

আনহাতে, জলসম্পদ বিভাগে বাজেটত অনুমোদিত ধনৰাশিৰ খুব কম পৰিমানহে খৰচ কৰে বুলি অভিযোগ তুলি ফুকনে কয় ‘২০১৫-১৬, ২০১৬-১৭, ২০১৭-১৮ বিত্তীয় বৰ্ষত ষ্টেট প্লেন ২২৫.৪ কোটি বাজেট অনুমোদন পোৱাৰ পাছত বিভাগে ৫৯.৮৬ কোটি, নাৱাৰ্ডৰ ৫৬২ কোটিৰ ৩০৫ কোটি, এন. ই. ছি ৰ ১৯.৬৫ কোটিৰ ৪.৭৫ কোটি, এন এল অ’ পি আৰৰ ৬.৮৬ কোটিৰ ৯৭ লাখ আৰু আৰ আই ডি এফৰ ৰাজ্যিক অংশৰ ২৪৩.১২ কোটিৰ মাত্ৰ ১১.৩১ কোটি টকাহে জলসম্পদ বিভাগে বান নিয়ন্ত্ৰণৰ বাবে ব্যয় কৰিলে।’

সংবাদমেলত অতীতৰ পৰা হৈ অহা বানপানীৰ ইমান ভয়াৱহতাৰ পাছতো ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কিয় ঘোষণা কৰা নহ’ল বুলি প্ৰশ্ন কৰি ফুকনে ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী জনায়। লগতে তেওঁ ব্ৰহ্মপুত্ৰক পৰিস্কাৰ কৰিবলৈয়ো কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।

Recent News

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কৃষক আন্দোলনৰ সমৰ্থন বিচাৰি জ’ বিদেনলৈ পত্ৰ প্ৰেৰণ ৪০জনৰো অধিক আইনজীৱীৰ

কথা পাহৰা ৰোগত আক্ৰান্ত হৈছে নেকি মাৰ্কিন ৰাষ্ট্ৰপতি বিদেন! চলাই নিব পাৰিবনে আমেৰিকাক?

২৭ আগষ্টত দেশে লাভ কৰিব নতুন  মুখ্য ন্যায়াধীশ , কাৰ্যকাল হ’ব মাত্ৰ ৭৪ দিনৰ

২৭ আগষ্টত দেশে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ , কাৰ্যকাল হ’ব মাত্ৰ ৭৪ দিনৰ

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd