অসমত বজাৰত বিক্ৰী হোৱা পনীৰৰ গুণগত মানক লৈ পোহৰলৈ আহিছে উদ্বেগজনক তথ্য। ৰাজ্যৰ বিভিন্ন নগৰ অঞ্চলৰ পৰা বিগত প্ৰায় ১০ মাহত খাদ্য সুৰক্ষা বিভাগে সংগ্ৰহ কৰা গাখীৰৰ পৰা প্ৰস্তুত কৰা পনীৰৰ ৬০টা নমুনাৰ প্ৰায় ৭০ শতাংশই নিৰ্ধাৰিত গুণগত মান পূৰণ কৰাত ব্যৰ্থ হৈছে। এই তথ্য পোহৰলৈ অহাৰ পাছতে প্ৰকৃত পনীৰৰ নামত নিম্নমানৰ আৰু অনুমোদনহীন সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
মঙলবাৰে জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰী অশোক সিংঘলে কয় যে খাদ্যত ভেজাল আৰু গ্ৰাহকক বিপথে পৰিচালিত কৰা ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ইতিমধ্যে অসম খাদ্য সুৰক্ষা আয়ুক্তালয়ে ৩১ অক্টোবৰত জাৰি কৰা এক নিষেধাজ্ঞামূলক নিৰ্দেশৰ জৰিয়তে ৰাজ্যজুৰি এনে সামগ্ৰীৰ উৎপাদন, প্ৰক্ৰিয়াকৰণ, মজুত, বিতৰণ, পৰিবহণ, বিক্ৰী আৰু ব্যৱহাৰৰ ক্ষেত্ৰত এবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে।
খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬ৰ ৩০(২)(ক) ধাৰাৰ অধীনত জাৰি কৰা এই নিৰ্দেশৰ আঁৰত আছে পৰীক্ষাগাৰত পোৱা পনীৰৰ নমুনাৰ বিসংগতিসমূহ। পৰীক্ষাত বহু নমুনাত গাখীৰৰ চৰ্বিৰ পৰিমাণ নিৰ্ধাৰিত মানতকৈ কম, আৰ্দ্ৰতাৰ পৰিমাণ অধিক, শ্বেতসাৰ আৰু উদ্ভিদজাত বা অন্যান্য বাহিৰা চৰ্বিৰ উপস্থিতি ধৰা পৰিছে। অথচ এই সামগ্ৰীসমূহ বজাৰত প্ৰকৃত পনীৰ বুলি বিক্ৰী কৰা হৈছিল।
নিৰ্দেশ অনুসৰি, নিৰ্ধাৰিত মান পূৰণ নকৰা, অনুমোদন নথকা বা প্ৰকৃত পনীৰৰ বিকল্প হিচাপে প্ৰস্তুত কৰা সামগ্ৰীক পনীৰ বুলি পৰিচয় দি উৎপাদন, মজুত, পৰিবহণ, বিতৰণ বা বিক্ৰী কৰিব নোৱাৰিব। পনীৰৰ সলনি উদ্ভিদজাত চৰ্বি, উদ্ভিদজাত তেল অথবা গাখীৰৰ বাহিৰৰ উপাদান ব্যৱহাৰ কৰি প্ৰস্তুত কৰা সামগ্ৰীয়ে নিৰ্ধাৰিত মান পূৰণ নকৰিলে সেইবোৰক প্ৰকৃত পনীৰ বুলি বজাৰত বিক্ৰী কৰিব নোৱাৰিব।
অৱশ্যে প্ৰযোজ্য নিয়ম আৰু মানদণ্ড অনুসৰি বৈধভাৱে প্ৰস্তুত কৰা পনীৰৰ বিকল্প সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ কৰা হোৱা নাই। তেনে সামগ্ৰীৰ উপাদান আৰু পৰিচয় স্পষ্টকৈ উল্লেখ কৰি সঠিক লেবেলৰ সৈতে বজাৰত বিক্ৰী কৰিব লাগিব। কেৱল দেখিবলৈ, স্পৰ্শ কৰিলে বা ব্যৱহাৰৰ ক্ষেত্ৰত পনীৰৰ দৰে হ’লেই কোনো সামগ্ৰীক পনীৰ বুলি বিক্ৰী কৰাৰ অনুমতি দিয়া নহ’ব বুলি নিৰ্দেশটোত স্পষ্ট কৰি দিয়া হৈছে।
আনহাতে, পনীৰ আৰু অন্যান্য গাখীৰজাত সামগ্ৰীৰ উৎপাদন, পেকেটত ভৰোৱা, মজুত, পৰিবহণ, বিতৰণ আৰু বিক্ৰীৰ সৈতে জড়িত সকলো ব্যৱসায়িক প্ৰতিষ্ঠানক নিষিদ্ধ সামগ্ৰীৰ ব্যৱসায় তৎক্ষণাৎ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ব্যৱসায়ীসকলে ক্ৰয় কৰা সামগ্ৰীৰ পৰিচয়, উপাদান, উৎস আৰু আইনী অনুমোদনৰ তথ্য পৰীক্ষা কৰাৰ লগতে ক্ৰয়-বিক্ৰীৰ নথি-পত্ৰ সঠিকভাৱে সংৰক্ষণ কৰিব লাগিব। খাদ্য সুৰক্ষা বিভাগে বিচাৰিলে এই নথি-পত্ৰ দেখুৱাব লাগিব।
স্বাস্থ্য মন্ত্ৰী অশোক সিংঘলে সকীয়াই দিয়ে যে কোনো ব্যৱসায়ীয়ে এনে নকল সামগ্ৰী ব্যৱহাৰ কৰি তাৰ ক্ৰয়ৰ প্ৰমাণ বা নথি-পত্ৰ দেখুৱাব নোৱাৰিলে তেওঁলোকক সেই সামগ্ৰীৰ উৎপাদক হিচাপেও জগৰীয়া কৰা হ’ব। হোটেল, ৰেষ্টুৰেণ্ট, খাদ্য যোগানকাৰী প্ৰতিষ্ঠান, বিভিন্ন অনুষ্ঠানৰ খাদ্য প্ৰস্তুত কৰা ৰান্ধনিশাল, ক্লাউড কিচেন আৰু অন্যান্য খাদ্য পৰিৱেশন কেন্দ্ৰসমূহক কেৱল বৈধ আৰু সঠিক লেবেলযুক্ত পনীৰ তথা গাখীৰজাত সামগ্ৰীহে ক্ৰয় আৰু ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
এতিয়া প্ৰশ্ন হৈছে, বজাৰত প্ৰকৃত পনীৰৰ নামত চলি থকা এই ভেজাল ব্যৱসায় কিমান দূৰলৈ নিয়ন্ত্ৰণ কৰিব পাৰিব খাদ্য সুৰক্ষা বিভাগে? কেৱল নিৰ্দেশ জাৰি কৰিয়েই দায়িত্ব সামৰিব নে নিয়মীয়া পৰীক্ষা আৰু কঠোৰ ব্যৱস্থাৰ জৰিয়তে গ্ৰাহকৰ খাদ্য সুৰক্ষা নিশ্চিত কৰিব, সেয়া হ’ব লক্ষণীয়।





