ৰাজ্যত প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণৰ ক্ষেত্ৰত বৃহৎ বিনিয়োগ আকৰ্ষণ কৰাৰ লক্ষ্যৰে অসম চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। জাগীৰোড পাৰ হৈ নেলীৰ অন্তৰ্গত ভোগডুবা, বসুন্ধৰী, আলিছিঙা, খোলাপথাৰ আৰু সৰুমাটিপৰ্বতকে ধৰি কেইবাখনো সংলগ্ন গাঁৱক সামৰি প্ৰায় ৬,০০০ বিঘা মাটিত এখন ‘ডিফেন্স পাৰ্ক’ নিৰ্মাণ কৰা হ’ব। ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত এখন সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰিছে।
সংবাদমেলত প্ৰকাশ কৰা তথ্য অনুসৰি, প্ৰস্তাৱিত ডিফেন্স পাৰ্কখনৰ বাবে এই ৬,০০০ বিঘা ভূমি উদ্যোগ বিভাগক হস্তান্তৰ কৰিবলৈ কেবিনেটে অনুমোদন জনাইছে। এই বৃহৎ ভূমিখণ্ডত চৰকাৰী মাটিৰ উপৰি স্থানীয় ৰাইজৰ পৰাও কিছু পৰিমাণৰ মাটি অধিগ্ৰহণ কৰা হ’ব। অৱশ্যে এই সন্দৰ্ভত স্থানীয় ৰাইজৰ সৈতে ইতিমধ্যে আলোচনা সম্পন্ন হোৱা বাবে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়াত কোনো বিশেষ জটিলতাৰ সৃষ্টি নহয় বুলি চৰকাৰে স্পষ্ট কৰি দিছে।
উল্লেখ্য যে, ৰাজ্যত প্ৰতিৰক্ষা নীতি থকাৰ পাছতো কেৱল নিৰ্দিষ্ট ‘ডিফেন্স পাৰ্ক’ আৰু ‘লেণ্ড বেংক’ৰ অভাৱতে অসমে প্ৰতিৰক্ষা খণ্ডৰ বিনিয়োগৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল। ভাৰতৰ আন ৰাজ্যত ব্ৰহ্ম’ছ আৰু হেলিকপ্টাৰ নিৰ্মাণৰ কাম চলি থকাৰ বিপৰীতে অসমে ছেমিকণ্ডাক্টৰ আৰু সাৰ কাৰখানাতে সীমাবদ্ধ থাকিবলগীয়া হৈছিল। এতিয়া ‘আত্মনিৰ্ভৰ ভাৰত’ৰ লগত সংগতি ৰাখি এই অভাৱ পূৰণৰ বাবেই চৰকাৰে নতুন ডিফেন্স পাৰ্ক স্থাপনৰ সিদ্ধান্ত লৈছে। ইয়ালৈ মূল বিনিয়োগকাৰী আনিবলৈ চৰকাৰে শীঘ্ৰেই ৰোড শ্ব’ আদিৰো আয়োজন কৰিব বুলি জানিবলৈ দিছে। অসমত এখন প্ৰকৃত ‘ডিফেন্স কৰিড’ৰ’ গঢ়ি তোলাৰ যাত্ৰাত কেবিনেটৰ এই সিদ্ধান্তক এক বলিষ্ঠ আৰু বাস্তৱ পদক্ষেপ হিচাপে গণ্য কৰিছে।





