উমৰাংছ’ৰ কয়লাখনিৰ পৰা উদ্ধাৰ হৈছে পাঁচজন শ্ৰমিকৰ মৃতদেহ। ডেৰমাহৰ অন্তত NDRFএ উদ্ধাৰ কৰে মৃতদেহকেইটা।
উমৰাংছ’ৰ কয়লাখনিত এটাৰ পাছত আনটো মৃতদেহ উদ্ধাৰ হয় বুধবাৰে। আজিৰ দিনটোতে ওলাল ৫ জন শ্ৰমিকৰ মৃতদেহ।
ডেৰ মাহৰ অন্তত আজি NDRFএ উদ্ধাৰ কৰে মৃতদেহকেইটা। ৪ জানুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ উদ্ধাৰ হৈছে মুঠ ৯টা মৃতদেহ।
উল্লেখ্য যে, উমৰাংছ’ মৃত্যুগহ্বৰত ৪৪ দিনধৰি চলি আছিল উদ্ধাৰ অভিযান।
আজি উদ্ধাৰ হোৱা শ্ৰমিককেইজনৰ মৃতদেহকেইটা বৰ্তমানলৈকে চিনাক্ত হোৱা নাই ।
এই তথ্য ‘এক্স’যোগে সদৰী কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।