আহি আছে বড়ো চলচ্চিত্ৰ “বেকাৰ ৰ’মিঅ’”

poster1 final composition Bodo film ‘Bekar Romeo’ to address the socio-political issues of BTAD

নতুন পৰিচালক এম অ’খ্ৰাং বড়োৰ প্ৰথমখন চলচ্চিত্ৰ “বেকাৰ ৰ’মিঅ’”ই বাথৌ পূজাৰ দিনা অহা ২৮ জানুৱাৰিত মুক্তি লাভ কৰিব।

৯০ মিনিটৰ বড়ো চিনেমাখন বি টি এ দিৰ লগতে অসমৰ বহুকেইটা স্থানত একেলগে মুক্তি দিয়া হ’ব।

চিনেমাখনৰ আকৰ্ষণীয় প’ষ্টাৰে ইতিমধ্যে বি টি এ দিৰ চাৰিওখন চহৰতে ব্যাপক চৰ্চা লাভ কৰিছে।

ছবিখনৰ পৰিচালক-অভিনেতা বড়োৱে জনোৱামতে চিনেমাখন “অনাটকীয়” শৈলীৰে নিৰ্মিত আৰু ই বি টি এ দি অঞ্চলৰ সমাজ বাস্তৱতাক তুলি ধৰিবলৈ চেষ্টা কৰিছে।

“চিনেমাখনত কৰ্মসংস্থানহীনতা, ডাইনী হত্যা, মানুহৰ জীৱনত বন্ধৰ প্ৰভাৱ আৰু স্থানীয় বেয়া ৰাজনীতিৰ চাৰিটা আন্তঃসম্পৰ্কযুক্ত কাহিনীৰ জৰিয়তে বহল পৰিসৰৰ সামাজিক বিষয়সমূহ তুলি ধৰাৰ চেষ্টা কৰা হৈছে,” বড়োৱে কয়।

চিনেমাখনৰ সামাজিক বাৰ্তাক ৰাইজে আদৰি ল’ব বুলি আশা ব্যক্তি কৰি পৰিচালকজনে লগতে জনাই যে ছবিখনৰ সকলো অভিনেতাই প্ৰথমবাৰৰ বাবে চিনেমাত অভিনয় কৰিছে।

চিনেমাখন সাধাৰণ গাঁৱৰ মানুহৰ মাজলৈয়ো লৈ যোৱাৰ বাবে চলচ্চিত্ৰ গৃহৰ উপৰি গাঁৱে-ভূঞেও ইয়াৰ প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ লগতে জনায়।

“সাহিত্য আৰু চিনেমা দুয়োটাই সমাজৰ ঘটনাসমূহ প্ৰতিফলিত কৰে আৰু চিনেমাই বেছি বহল সংখ্যক মানুহৰ মাজলৈ বিষয়টো লৈ যায়,” বড়োৱে কয়।

বড়োৱে লগতে জনাই যে তেওঁ চিনেমাখন মূলতঃ ভাৰত তথা দেশৰ বাহিৰৰো চলচ্চিত্ৰ মহোৎসৱসমূহলৈ প্ৰেৰণৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছে।