নৱ কুমাৰ শৰণীয়াই পাঁচটা বছৰে ৰাইজক আভুঁৱা ভাৰিছে : ইমানুৱেল মোছাহাৰী

বড়ো জনগোষ্ঠীৰ মাজত আবেগ সৃষ্টি কৰাৰ বাবে বড়োলেণ্ড বিচাৰি আন্দোলন চলাই গৈছে প্ৰমোদ বড়োৱে : দেবেন বড়ো

IMG_20190407_163927

তামুলপুৰত বিপিএফৰ নিৰ্বাচনী সভা। ফটো : নৰ্থইষ্ট নাও

বিগত পাঁচ বছৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই সমষ্টিৰ ৰাইজক আভুঁৱা ভাৰি আহিছে। বিগত পাঁচটা বছৰে সাংসদ গৰাকীয়ে সমষ্টিটোৰ উন্নয়নৰ বাবে একো কাম নকৰিলে। এই ভাষ্য ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা বিপিএফ দলৰ সাধাৰণ সম্পাদক ইমানুৱেল মোছাহাৰীৰ।

আগন্তুক সপ্তদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ৱ লগা ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ  প্ৰচাৰ কাৰ্য্য চলোৱাৰ উদ্দেশ্যে দেওবাৰে তামুলপুৰত এখন নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰিবলৈ অনুষ্ঠিত সভাত বিধায়ক মোছাহাৰীয়ে এই মন্তব্য কৰে।

ভাষণ প্ৰসংগত তেওঁ কয় যে কোকৰাঝাৰ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ বিজয় সুনিশ্চিত। তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থী গৰাকীৰ পক্ষত এক লাখতকৈ অধিক ভোট লাভ কৰিব বুলিও তেওঁ দাবী কৰে। বিগত সময়ত বিটিএডি অঞ্চলৰ উপৰি অসম তথা ভাৰতবৰ্ষৰ উন্নয়নৰ ওপৰত মন্তব্য ৰাখি বিধায়ক গৰাকীয়ে কয় যে দ্বিতীয় বাৰৰ বাবে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধান মন্ত্ৰী হ’ব।

তামুলপুৰ জিলা বিপিএফৰ অন্তৰ্গত গয়বাৰী ব্লক বিপিএফৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰসন্ন মেধিৰ সভাপতিত্বত দেওবাৰে আবেলি অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত তামুলপুৰ মণ্ডল বিজেপিৰ সভাপতি হেমন্ত কুমাৰ ৰাভাই সাংসদ নৱ কুমাৰ শৰণীয়াক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে এতিয়া আৰু জাতি-জনগোষ্ঠীৰ নামত ৰাজনীতি কৰাৰ সময় নাই। বিগত নিৰ্বাচনত আবেগৰ ঢৌ সৃষ্টি কৰি নৱ কুমাৰ শৰণীয়াই জয় লাভ কৰিছিল যদিও সেই দিন এতিয়া আৰু নাই আৰু ৰাইজে সেই কথা বুজি উঠিছে।

তেওঁ লগতে কয় যে উন্নয়নৰ স্বাৰ্থত মোদীক পুনৰ বাৰৰ বাবে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাবলৈ প্ৰমিলাৰাণী ব্ৰহ্মক সাংসদ হিচাপে নিৰ্বাচিত কৰাটো প্ৰয়োজন। সেয়ে মিত্ৰজোঁটে  আগন্তুক নিৰ্বাচনৰ বাবে গাঁৱে ভূঞে গৈ প্ৰমিলাৰাণী ব্ৰহ্মক সাংসদ হিচাবে নিৰ্বাচিত কৰাৰ বাবে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিব লাগিব আৰু তেওঁৰ জয় সুনিশ্চিত কৰিব লাগিব।

সভাত উপস্থিত থাকি অগপ নেতা ৰঞ্জিত দাসেও নৱ কুমাৰ শৰণীয়াক সমালোচনা কৰে আৰু অগপ কৰ্মী সকলক প্ৰমিলাৰাণী ব্ৰহ্মৰ হৈ প্ৰচাৰ চলাবলৈ আহ্বান জনায়। সভাত তামুলপুৰ সমষ্টি নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি তথা দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীয়ে ভাষণ ৰাখি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ জয় সুনিশ্চিত বুলি দাবী কৰে। এইবাৰৰ নিৰ্বাচনত ছয় লক্ষাধিক ভোট লাভ কৰি সাংসদ হিচাবে প্ৰমিলাৰাণী ব্ৰহ্ম দিল্লীলৈ যাত্ৰা কৰিব বুলিও বিজিত গৌৰা নাৰ্জাৰীয়ে মন্তব্য কৰে।

আনহাতে, বিটিচিৰ কাৰ্যবাহী সদস্য দেবেন বড়োয়ে কয় যে এবছুৰ সভাপতি প্ৰমোদ বড়োয়ে বৰ্তমান সময়ত বড়োলেণ্ড গঠন নহয় বুলি জানিও একমাত্ৰ বড়ো জনগোষ্ঠীৰ মাজত আবেগ সৃষ্টি কৰাৰ বাবে বড়োলেণ্ড বিচাৰি আন্দোলন চলাই গৈছে আৰু বড়ো ভোটাৰ ৰাইজক বিপথে পৰিচালিত কৰিছে। গতিকে তেঁও মিছা প্ৰলোভনত ভোল নগৈ বিপিএফ দলৰ প্ৰাৰ্থী প্ৰমিলাৰণী ব্ৰহ্মক ভোট দিয়াৰ বাবে  বড়োই ৰাইজক আহ্বান জনায়।

গয়বাৰী ব্লক বিপিএফৰ সাধাৰণ সম্পাদক অভিজিত দাস দেউৰীয়ে আঁত ধৰা সভাখনত তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়েও ভাষণ ৰাখে। দেওবাৰৰ  এই সভাত বিটিচিৰ কাৰ্যবাহী সদস্য দেৱেন বড়োক সভাপতি, নগেন নাথক কাৰ্যকৰী সভাপতি আৰু জাৰমল ব্ৰহ্মক সাধাৰণ সম্পাদক হিচাপে লৈ গয়বাৰী ব্লক নিৰ্বাচন পৰিচালনা সমিতিখন গঠন কৰা হয়।