NORTHEAST NOW (Assamese)

আজি বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস; কোকৰাঝাৰত কেন্দ্ৰীয় অনুষ্ঠান

November 16, 2019 11:31 am · এন ই নাও নিউজ
বড়ো সাহিত্য সভাৰ প্ৰতীক চিহ্ন

আজি বড়ো সাহিত্য সভাৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস। অসমৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আজিৰ এই দিনটো উদযাপন কৰা হ’ব।

বড়ো ভাষা আৰু সাহিত্যৰ উত্তৰণৰ বাবে কাম কৰি অহা বড়ো সাহিত্য সভাৰ জন্ম হৈছিল ১৯৬২ চনৰ ১৬ নৱেম্বৰত। কোকৰাঝাৰৰ বাসুগাঁৱত জন্ম লাভ কৰা সভাৰ প্ৰথম সভাপতি আছিল জয় ভদ্ৰ হাগজাৰ।

এই বড়ো সাহিত্য সভাই অসমৰ লগতে পশ্চিম বংগ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা আৰু নেপালকো প্ৰতিনিধিত্ব কৰে।

বৰ্তমানৰ বড়ো সাহিত্য সভাৰ সভাপতি হৈছে তৰেন বড়ো।

জানিব পৰা মতে, আজিৰ এই বিশেষ দিনটো বড়ো সাহিত্য সভাই কেন্দ্ৰীয়ভাৱে কোকৰাঝাৰত উদযাপন কৰিব।

বিভিন্ন কাৰ্যসূচীৰে পালন কৰিবলগীয়া প্ৰতিষ্ঠাপক দিৱসত বড়ো ভাষা আৰু সাহিত্যত বিশেষ অৱদান আগবঢ়োৱা গণ্য মান্য লোকৰ উপৰি প্ৰত্যেক জিলাৰে প্ৰতিনিধি সকল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

Related News