বাংলাদেশ সীমান্তত উদ্ধাৰ তিস্তাৰ পানীত উটি যোৱা ছিকিমৰ প্ৰাক্তন শিক্ষামন্ত্ৰীৰ মৃতদেহ!

ছিকিমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী আৰ চি পৌডেল। ফাইল ফটোঃ সংগ্ৰহীত।

প্ৰায় সাত দিন ধৰি নিৰুদ্দেশ হৈ আছিল। অৱশেষত বাংলাদেশ সীমান্তত উদ্ধাৰ ছিকিমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী আৰ চি পৌডেলৰ মৃতদেহ।

স্থানীয় থানাৰ অ’চি মাহমুদ উন নবীয়ে জানিবলৈ দিয়া মতে মৃতদেহটো উদ্ধাৰ কৰি সদৰ চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰা হয়। প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত বুড়িমাৰী স্থল বন্দৰৰ জৰিয়তে ভাৰতীয় কৰ্তৃপক্ষক মৃতদেহটো গতাই দিয়া হ’ব।

প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত হৈ পৰিছে ছিকিম। ভাৰতত যেতিয়া তিস্তা নদী ওফন্দি উঠে, তেতিয়া বাংলাদেশত নদীৰ পানী কমি যায়।

লগতে পঢ়কঃ বেংককৰ হোটেলৰ কোঠাত উদ্ধাৰ ছয়গৰাকী বিদেশী নাগৰিকৰ মৃতদেহ

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, সোমবাৰে লালমণিৰহাটৰ আদিতমাৰী উপজিলাৰ মহিষখোচা ইউনিয়নৰ সলেডি স্পাৰ বান্ধ এলেকাত চৰ মুকলি হৈ পৰিছেছে। তাতেই এটা উৱলি যোৱা মৃতদেহ আবদ্ধ হৈ আছিল। দুৰ্গন্ধ পাই স্থানীয় ৰাইজে থানাত খবৰ দিয়ে। সোমবাৰে বিয়লি মৃতদেহটো উদ্ধাৰ কৰে।

মৃতকৰ দুয়োখন হাত বন্ধা আছিল। যদিও এহাতত ঘড়ী আৰু মুখত দাড়ি আছিল, তথাপিও গাত কোনো কাপোৰ নাছিল। পিছত আৰক্ষীয়ে বিভিন্ন সূত্ৰৰ পৰা জানিব পাৰে যে মৃতদেহটো ছিকিমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী আৰ চি পৌডেলৰ। এতিয়া মৃতদেহটো ভাৰতীয় কৰ্তৃপক্ষক গতাই দিয়াৰ প্ৰক্ৰিয়া চলি আছে।