NORTHEAST NOW (Assamese)

ৰোমহৰ্ষক ঘটনা! টংলাত মুণ্ডচ্ছিন্ন অৱস্থাত উদ্ধাৰ দুই শিশুৰ মৃতদেহ

December 21, 2024 2:35 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

ওদালগুৰি জিলাৰ টাংলা চহৰত  শনিবাৰে মুণ্ডচ্ছিন্ন অৱস্থাত উদ্ধাৰ হৈছে দুটা শিশুৰ মৃতদেহ। জানিব পৰা শিশু দুটি ভাই-ককাই।

শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল দুই ভাতৃ।

শুকুৰবাৰে বিদ্যালয়লৈ যোৱাৰ পিছৰে পৰা দুই ভাতৃ নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।

টাংলা কেন্দ্ৰীয় জাতীয় বিদ্যালয়ত অধ্যয়ন কৰা গৌৰৱ শৰ্মা (১২) আৰু তেওঁৰ ভাতৃ কৌশিক শৰ্মা (১৪) শুকুৰবাৰে ঘৰৰ পৰা স্কুললৈ যোৱাৰ পিছত নিৰুদ্দেশ হয়। শিশু দুটা টংলাৰ যোৰপুখুৰীৰ নিবাসী মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ সন্তান বুলি জানিব পৰা গৈছে।

শনিবাৰে তেওঁলোকৰ বাসগৃহৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত থকা শাস্ত্ৰপাৰা অঞ্চলৰ পৰা তেওঁলোকৰ মুণ্ডচ্ছিন্ন মৃতদেহ উদ্ধাৰ কৰা হয়।

এই হত্যাকাণ্ডৰ আঁৰৰ উদ্দেশ্য এতিয়াও স্পষ্ট হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Related News