যোৰহাট সদৰ থানাত লক আপৰ শৌচাগাৰত উদ্ধাৰ যুৱকৰ মৃতদেহ

Jorhat Sadar Thana

যোৰহাট সদৰ থানাৰ লকআপৰ ভিতৰত মঙলবাৰে নিশা এজন অভিযুক্ত মৃত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাথমিক তদন্তত এয়া আত্মহত্যাৰ ঘটনা বুলি পোহৰলৈ আহিছে।

ইতিমধ্যে সমগ্ৰ ঘটনাৰ উচ্চপদস্থ আৰক্ষী বিষয়াৰ নিৰীক্ষণত ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ লগতে দণ্ডাধীশৰ দ্বাৰা তদন্তৰ ব্যৱস্থা কৰা হৈছে ।

মোবাইল চুৰিৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছাবিৰ আনছাৰি নামৰ যুৱকজনৰ মৃতদেহ কৰ্তব্যত থকা আৰক্ষীয়ে উদ্ধাৰ কৰে থানাৰ লকআপৰ ভিতৰত থকা শৌচাগাৰত।

নিশা প্ৰায় দুই বজাত আৰক্ষী কনিষ্টবল এগৰাকীয়ে লকআপৰ ভিতৰত কেৱল এজন লোকক শুই থকা দেখা পাই দ্বিতীয়জন অভিযুক্তৰ সন্ধান বিচাৰোঁতে লকআপৰ ভিতৰৰ শৌচাগাৰত ডিঙিত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হয় আনছাৰিৰ মৃতদেহটো।

শৌচাগাৰ পৰিষ্কাৰ কৰা এডাল লাঠি সংলগ্ন বাঢ়নিৰ জৰিয়তে বেৰত ভৰ দি শৌচাগাৰ পৰিস্কাৰ কৰা কিছু কাপোৰেৰে ডিঙিত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হয় ছাবিৰৰ মৃতদেহ। নিশাই দণ্ডাধীশৰ উপস্থিতিত যোৰহাটৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষককে ধৰি উচ্চপদস্থ আৰক্ষী বিষয়া থানাত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।

ধৃত যুৱকজনক মোবাইল চুৰ কৰাৰ অভিযোগত স্থানীয় লোকে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিছিল । নিশা মৃত যুৱকজনৰ সৈতে আন এগৰাকী অভিযুক্তও লকআপত আছিল আৰু দুয়োকে নিশা প্ৰায় ১ বজাত চিকিৎসালয়ৰ পৰা স্বাস্থ্য পৰীক্ষা কৰি পুনৰ থানালৈ অনা হৈছিল ।

“লকআপৰ ভিতৰত এজন অভিযুক্তই আত্মহত্যা কৰাৰ বিষয়ে জানিব পাৰি আমি নিশা লগে লগেই থানালৈ যাওঁ। দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ পৰীক্ষা কৰি সমগ্ৰ ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা হৈছে। শৌচাগাৰ পৰিষ্কাৰ কৰা এডাল লাঠী আৰু কিছু কাপোৰৰ জৰিয়তে যুৱকজনে ডিঙিত চিপ লৈ আত্মহত্যা কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা হৈছে। সমগ্ৰ বিষয়টো জিলা দণ্ডাধীশক জনোৱা হৈছে আৰু জিলা দণ্ডাধীশে ঘটনাৰ তদন্ত কৰিব।” –যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে এনেদৰে কয়।

যুৱকজনৰ লকআপৰ ভিতৰত মৃত্যু হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পৰিয়ালৰ লোকে। এই মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে। আনহাতে একাংশ স্থানীয় লোকে জানিবলৈ দিয়া মতে মৃত যুৱকজন ড্ৰাগছ আসক্ত আছিল।

এই মৃত্যুৰ কাৰণ কি বা কাৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হ’ল সেয়া তদন্তৰ পিছত স্পষ্ট হ’ব।