• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বগীবিল দলং: বীৰেন বৈশ্যলৈ মনত নপৰিল মোদীৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 25, 2018 11:40 pm
former assam agp mp biren baishya

বীৰেন বৈশ্য। ছবি- Prokerala.com|

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বগীবিল দলং আনুষ্ঠানিকভাৱে মুকলি কৰি নৰেন্দ্ৰ মোদীয়ে বহু কথাই ক’লেও অসমবাসীৰ বহু প্ৰত্যাশিত দলংখনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা অগপ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যলৈ মনত নপৰিল প্ৰধান মন্ত্ৰীৰ।

প্ৰধান মন্ত্ৰী বাদেই, অসম চৰকাৰেও অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনোৱাৰ ব্যৱস্থা নকৰিলে অগপৰ প্ৰাক্তন সাংসদজনক। অথচ কেন্দ্ৰৰ এইচ্চ দি দেৱেগৌড়া চৰকাৰৰ দিনত ৰে’ল বাজেটত দলংখনৰ প্ৰস্তাৱ লোৱাত প্ৰধান ভূমিকা লৈছিল তদানীন্তন কেন্দ্ৰীয় তীখা আৰু খনি বিভাগৰ মন্ত্ৰী বৈশ্যই।

“অসমৰ ৰাইজৰ দীৰ্ঘদিনীয়া সপোন এটা আজি পূৰণ হ’ল, সেয়ে সুখ অনুভৱ কৰিছো। মোক অনুষ্ঠানলৈ মতা-নমতাকলৈ কোনো কথা নাই,” আমন্ত্ৰণ নোপোৱাক লৈ “কোনো আক্ষেপ নাই” বুলি জনাই নৰ্থ ইষ্ট নাও-ত এই মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদগৰাকীৰ।

১৯৯৬ চনত তেতিয়াৰ ৰে’ল মন্ত্ৰী ৰামবিলাস পাচোৱানে বাজেটত লৈছিল বগীবিল দলঙৰ প্ৰস্তাৱ। কিন্তু বাজেটত বিনাযুদ্ধে প্ৰস্তাৱিত হোৱা নাছিল বগীবিল প্ৰস্তাৱ।

লোকসভাত বৈশ্যকে ধৰি ডাঃ অৰুণ শৰ্মা, কেশৱ মহন্ত, মুহিৰাম শইকীয়া আৰু প্ৰবীন শৰ্মাৰ লগতে ৰাজ্যসভাত পৰাগধৰ চলিহাই অসমৰ হৈ দলংখনৰ বাবে যুঁজিব লগা হৈছিল।

লগতে চাওক– চাওক বগীবিল দলং মুকলি কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পূৰ্ণ ভাষণ ||Video||

আৰু সেই যুঁজত অগপ সাংসদকেইজনক নেতৃত্ব দিছিল সতীৰ্থ কেন্দ্ৰীয় মন্ত্ৰী বৈশ্যই। বাজেটত দলঙৰ প্ৰসংগ উত্থাপন নোহোৱাত সদন আৰম্ভ হোৱাৰ আগমূহূৰ্তত ঐক্যবদ্ধভাৱে প্ৰতিবাদ জনাইছিল অগপ সাংসদকেইজনে।

“আমি প্ৰতিবাদ কৰাত প্ৰধান মন্ত্ৰী দেৱেগৌড়াই ৰামবিলাস পাছোৱানক বিষয়টো মীমাংসা কৰিবলৈ নিৰ্দেশ দিছিল। পাছত পাছোৱানে তেওঁ বাজেট পাঠ কৰি থকা সময়ত মনত পেলাই দিবলৈ কৈছিল। সেই মৰ্মে আমি সদন আৰম্ভ হোৱাৰ পাছত এটুকুৰা কাগজত দলঙখনৰ প্ৰস্তাৱটো লিখি ৰে’ল মন্ত্ৰী পাছোৱানক দিছিলো আৰু তেওঁ পাঠ কৰি দিছিল,” দলংখনৰ প্ৰস্তাৱ গ্ৰহণৰ স্মৃতি সুঁৱৰি নৰ্থ ইষ্ট নাও-ত বৈশ্যৰ মন্তব্য।

কেন্দ্ৰীয় চৰকাৰে সেই প্ৰস্তাৱত অনুমোদন জনোৱাৰ পিছত ১৯৯৭ চনৰ ২২ জানুৱাৰিত ধেমাজিৰ কলাজলত দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল প্ৰধান মন্ত্ৰী দেৱেগৌড়াই।

২০০২ চনত এই বগীবিল দলঙৰে আধাৰশিলা ডিব্ৰুগড়ত পুনৰ স্থাপন কৰিছিল তদানীন্তন এন ডি এ’ চৰকাৰৰ প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে।

ধলা শদিয়াৰ ভূপেন হাজৰিকা সেতু উদ্বোধন অনুষ্ঠানত একেজন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই কিন্তু সুঁৱৰিবলৈ পাহৰা নাছিল ২০০৩ চনত তদানীন্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ সেই দলংখন বিচাৰি চিঠি লিখা জগদীশ ভূঞাক।

এসময়ৰ অগপ চৰকাৰৰ পৰ্য্যটন মন্ত্ৰী তথা অসম বিধান সভাৰ একালৰ সৰ্বকনিষ্ঠ বিধায়ক ভূঞা বৰ্তমান বিজেপি নেতা আৰু অসম পে’ত্ৰ কেমিকেল লিমিটেদৰ সঞ্চালক।

দেৱেগৌড়া চৰকাৰৰ মন্ত্ৰী বীৰেন বৈশ্য এতিয়াও অগপৰ জ্যেষ্ঠ নেতা।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ

অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ

September 8, 2025 4:47 pm
উদ্বোধনৰ পূৰ্বে  ৯৯.৭% বিশুদ্ধ বাঁহৰ ইথানল সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম নুমলীগড় জৈৱ শোধনাগাৰ

উদ্বোধনৰ পূৰ্বে ৯৯.৭% বিশুদ্ধ বাঁহৰ ইথানল সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম নুমলীগড় জৈৱ শোধনাগাৰ

September 8, 2025 4:15 pm
দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব চিপিআই(এম)ৰ সাধাৰণ সম্পাদক এম এ বেবী

দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব চিপিআই(এম)ৰ সাধাৰণ সম্পাদক এম এ বেবী

September 8, 2025 3:55 pm
এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ

অসমৰ ৰাজনীতিত আত্মপ্ৰকাশ নতুন ৰাজনৈতিক দল জাতীয় গণ মঞ্চৰ

September 8, 2025 4:47 pm
উদ্বোধনৰ পূৰ্বে  ৯৯.৭% বিশুদ্ধ বাঁহৰ ইথানল সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম নুমলীগড় জৈৱ শোধনাগাৰ

উদ্বোধনৰ পূৰ্বে ৯৯.৭% বিশুদ্ধ বাঁহৰ ইথানল সফলতাৰে উৎপাদন কৰিবলৈ সক্ষম নুমলীগড় জৈৱ শোধনাগাৰ

September 8, 2025 4:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd