বোকাখাতত গৌৰৱ গগৈক উষ্ম আদৰণি বোকাখাত ব্লক কংগ্ৰেছৰ; ‘ৰাইজৰ দল’লৈ শুভেচ্ছা গগৈৰ

Gaurav Gogoi.1

ফটো: নর্থইষ্ট নাও

সাংসদীয় দলৰ উপ দলপতি হিচাবে নিৰ্বাচিত হৈ বোকাখাতলৈ অহা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক বোকাখাতত উষ্ম আদৰণি জনায় বোকাখাতৰ কংগ্ৰেছ দলৰ সদস্য সকলে ৷

শুকুৰবাৰৰ দিনা বোকাখাতৰ গান্ধী ভৱনত বোকাখাত ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত এক বিশেষ অনুষ্ঠানত সাংসদ গৌৰৱ গগৈক ব্লক কংগ্ৰেছৰ কেউটা গোটেই চেলং চাদৰ, ফুলাম গামোচা আৰু সঁফুৰাৰে উষ্ম আদৰণি জনায় ৷

অনুষ্ঠানত সাংবাদিকৰে হোৱা বাৰ্তালাপত সাংসদ গৌৰৱ গগৈয়ে ৭০ সংগঠনৰ উদ্যোগত গঠন হোৱা ৰাইজৰ দললৈ আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে ৷

এই দিনটোতে বোকাখাতৰ লতাবাৰীৰ ডিফলু নদীৰ পাৰত অৱস্থিত শান্তি ঘাটত সাংসদ পুঁজিৰে নিৰ্মাণ হ’ব লগা এক সামুহিক গৃহৰ শিলান্যাস স্থাপন কৰে সাংসদ গৌৰৱ গগৈয়ে ৷

১০ লাখ টকাৰে নিৰ্মাণ হ’ব লগা এই ভৱনে বোকাখাতৰ শান্তিঘাটৰ বাবে সহায়ক হ’ব বুলি সাংসদ গৌৰৱ গগৈয়ে মন্তব্য কৰে ৷

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক জিতু শৰ্মা ৰাজখোৱাই আঁত ধৰা এই অনুষ্ঠানত বোকাখাতৰ প্ৰাক্তন বিধায়ক অৰুণ ফুকন, কংগ্ৰেছ দলৰ ৰাজ্যিক সম্পাদক দাদু টায়, মিনতি দলে, ৰাজেন্দ্ৰ প্ৰসাদ নিমোদিয়াকে ধৰি নৱীন-প্ৰৱীণ কংগ্ৰেছী সদস্য উপস্থিত থাকে ৷

পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাহুল গান্ধীক কৰা অপব্যৱহাৰৰ বাবে বোকাখাতৰ এক প্ৰতিবাদী কাৰ্যসুচীতো অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে ৷