NORTHEAST NOW (Assamese)

ডকাইতি, অপহৰণৰ অভিযোগত বোকাখাতত চাৰি আছুনেতাক জেললৈ

July 14, 2020 9:58 pm · উত্তম শইকীয়া

বোকাখাত ন্যায়িক দণ্ডাধীশৰ আদালতে ডকাইতি আৰু অপহৰণত জড়িত থকাৰ অভিযোগত আছুৰ চাৰিগৰাকী নেতাক মঙলবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

বোকাখাত আৰক্ষীয়ে সোমবাৰে ছাত্ৰ সন্থাৰ নেতাকেইজনক গ্ৰেপ্তাৰ কৰিছিল৷

বোকাখাত আৰক্ষীয়ে জনোৱা মতে, তেজপুৰৰ এখন গুটখাৰ দোকানৰ পৰা গুটখা লৈ গোলাঘাটৰ নন্দিনী ষ্ট’ৰলৈ আহি আছিল এএছ ০৫চি ৭১৯৫ নম্বৰৰ এখন গাড়ী৷

তেজপুৰৰ পৰা আহি থকা এই গাড়ীখনক বোকাখাতৰ লতাবাৰীত আছুৰ গোলাঘাট জিলাৰ সহকাৰী সম্পাদক দীপাংকৰ হাজৰিকা, বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপ ঠাকুৰীয়া, প্ৰাক্তন আঞ্চলিক সম্পাদক প্ৰীতম বৰা আৰু মহকুমা ছাত্ৰ সন্থাৰ সদস্য ৰাহুল বৰাই এখন চুইফট গাড়ীৰে আগচি ধৰে আৰু গুটখা ভৰ্তি গাড়ীখন ৰাষ্ট্ৰীয় পথৰ পৰা জোৰকৈ অন্য এটা দিশে লৈ যায়৷

এএছ ০১বিএম ০৩৩৩ নম্বৰৰ চুইফট গাড়ীৰে যোৱা দলটোৰ দুজন সদস্য ক্ৰমে প্ৰীতম জ্যোতি বৰা আৰু ৰাহুল বৰাই গুটখা থকা গাড়ীখনৰ চালক আৰু হেণ্ডিমেন ক্ৰমে ইমতিয়াজ আলি আৰু দিগন্ত শইকীয়াক গাড়ীৰ পৰা নমাই কোনো কোনো এক স্থানলৈ লৈ যায়৷

গোপন তথ্যৰ আধাৰত বোকাখাত আৰক্ষীয়ে ছাত্ৰ সন্থাৰ চাৰিজন নেতাকে আটক কৰি চালক আৰু হেণ্ডিমেনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

ঘটনা সন্দৰ্ভত বোকাখাত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৬৫ আৰু ৩৯২ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।

Related News