NORTHEAST NOW (Assamese)

আছুৰ আহ্বানত বোকাখাতত কা’ৰ বিৰুদ্ধে শিল্পী সমাজৰ প্ৰতিবাদ

December 22, 2019 9:04 pm · উত্তম শইকীয়া

বোকাখাত আঞ্চলিক ছাত্ৰ সন্থা আৰু বোকাখাতৰ সাংস্কৃতিক সমাজৰ উদ্যোগত আজি বোকাখাতত শিল্পীসকলে গীতে মাতে নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আছুৰ উপদেষ্টা দাদুল বৰা আৰু বোকাখাত ব্যৱসায়ী সন্থাৰ সভাপতি শৰৎ শৰ্মাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন প্ৰান্তৰৰ পৰা অহা শতাধিক শিল্পীয়ে গীত পৰিবেশন কৰি নাগৰিকত্ব (সংশোধনী) আইনৰ তীব্ৰ প্ৰতিবাদ জনায়।

বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপ ঠাকুৰীয়াই আঁত ধৰা এই প্ৰতিবাদী অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ‘সুৰ্যৰ অন্তিম কিৰণ পৰা প্ৰথম কিৰণলৈ’ নাটকৰ সংলাপ আৰু সাংবাদিক বুবুল দত্তই ৫ জনকৈ যুৱক চহিদ হোৱা কা বিৰোধী আন্দোলনক চৰকাৰে বিপথে নিয়াৰ চেষ্টা কৰা বুলি কয়।

অনুষ্ঠানত বোকাখাতৰ শিল্পী সমাজৰ লগতে সাংবাদিক ৰত্নেশ্বৰ মৰাং আৰু ৰঞ্জিত ৰজকেও প্ৰতিবাদী গীত পৰিবেশন কৰে ৷

Related News