ল’কডাইনৰ মাজতে বোকাখাতত বৃহৎ পৰিমানৰ মদ জব্দ, এজনক আটক

ল’কডাউনৰ মাজতে বোকাখাতত চলি আছে সুৰাৰ অবাধ বেহা। আৰক্ষীৰ তৎপৰতাত বোকাখাতৰ বিভিন্ন স্থানত উদ্ধাৰ হৈছে মদৰ বহুবোৰ অবৈধ ঘাটি।

অবৈধ মদ নিবাৰণৰ দায়ীত্বত থকা বিভাগটোৰ পৃষ্ঠপোষকতাত বােকাখাতৰ যান বাহন শাখাৰ আৰক্ষীয়ে বোকাখাতৰ বিভিন্ন স্থানত অবৈধ চুলাই মদৰ ভাতী উচ্ছেদ কৰিব লগা হৈছে। এনে বহু মদৰ ঘাটি ধ্বংশ কৰাৰ পাচত যোৱা নিশা বোকাখাত আৰক্ষীৰ যান বাহন শাখাই অভিযান চলায় স্থানীয় মদৰ মহলত।

ল’কডাউনৰ সময়চোৱাত সকলো বন্ধ থকাৰ সুযোগতে এই মহলটোৱে অতি সংগোপনে চলাই আহিছিল মদৰ ব্যৱসায়। মদৰ বিপণিসমূহ বন্ধ থকাৰ সময়ত স্থানীয় মহলটোয়ে ল’কডাউন উলংঘা কৰি মদৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল।

যোৱা নিশা চলোৱা অভিযানত আৰক্ষীয়ে সাধাৰণ পোচাক পিন্ধি গ্ৰাহকৰ ৰূপত মদৰ মহললৈ গৈ মদ বিচাৰে। মহল চকীদাৰ জনেও উলিয়াই দিয়ে মস্তি, ৰাইনোকে ধৰি বিভিন্ন ব্ৰেণ্ডৰ মদৰ বটল।

ইয়াৰ পিছতে উপ পৰিদৰ্শক গোবিন কাকতীৰ নেতৃত্বত সষ্টম হৈ থকা আৰক্ষীৰ দলে মহলটোত তাৎক্ষনিকভাৱে অভিযান চলাই বৃহৎ পৰিমানৰ দেশীয় মদৰ লগতে নগদ ১১ হেজাৰ টকাসহ মহলৰ চকীদাৰজনক আটক কৰে। ঘটনা সন্দৰ্ভত বোকাখাতৰ মহলটোৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।