বোকাখাতত আৰক্ষীৰ অভিযান: চোৰাং কাঠসহ একে নম্বৰৰ দুখন ট্ৰাক জব্দ
ফটো: নর্থইষ্ট নাও।
লকডাউনৰ মাজতে বোকাখাতত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ বিশেষ অভিযান ৷
গোপন সুত্ৰৰ আধাৰত বুধবাৰৰ নিশা চলোৱা এই অভিযানত চোৰাং কাঠসহ একে নম্বৰ প্লেটৰ দুখন ট্ৰাক জব্দ কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ দুয়োখন ট্ৰাকৰে পঞ্জীয়ন নম্বৰ AS01KC 6766 ৷
বুধবাৰৰ বিয়লি অৰুণাচলৰ পৰা গুৱাহাটী অভিমুখে আহি থকা প্ৰথমখন কাঠ ভৰ্তি ট্ৰাক বোকাখাতৰ লখৌজানৰ এটা তেল ডিপোৰ পৰা কৰায়ত্ত কৰাৰ পিছত নিশালৈ দ্বিতীয়খন ট্ৰাকো ৩৭ নং ৰাষ্ট্ৰীয় পথতে কৰায়ত্ত কৰে আৰক্ষী বিষয়া জনৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে ৷
ট্ৰাক দুখনৰ পৰা চোৰাং কাঠৰ লগতে কাঠখিনিৰ এখন ভুৱা টি পি উদ্ধাৰ কৰে ৷
ঘটনাৰ সন্দর্ভত বোকাখাত থানাত এটা গোচৰ ৰজু কৰি আৰু অধিক তথ্যৰ বাবে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে ৷