বোকাখাতত আৰক্ষীৰ অভিযান: ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন চোৰাং কয়লা ভৰ্তি ট্ৰাক জব্দ

Image_1624190015437

ফটো: নর্থইষ্ট নাও।

গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতৰ নেতৃত্বত জিলাখনৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত এতিয়া আৰক্ষীৰ শেন চকু ৷

এই ৰাষ্ট্ৰীয় পথেৰেই দিনে নিশাই বহু চোৰাং সামগ্ৰী বিভিন্ন কৌশলেৰে সৰবৰাহ হয়। আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত এনে বহু ঘটনা পোহৰলৈ অহাই নহয়, কৰায়ত্ত্ব হৈছে বহু চোৰাং সামগ্ৰীও ৷

দেওবাৰৰ দিনাও বিষয়া গৰাকীৰ নেতৃত্বত এক গোপন সূত্ৰৰ আধাৰত বোকাখাতত আৰক্ষীয়ে জব্দ কৰে চোৰাং কয়লা ভৰ্তি দুখন ট্ৰাক ৷

চোৰাং কয়লা অনা ট্ৰাক দুখনৰ নম্বৰ হ’ল  AS 01 GC 7887 আৰু ASO3 BC- 9311. শিৱসাগৰৰ পৰা ভূটানলৈ বুলি নি আছিল কয়লাখিনি ৷ ঘটনাস্থলীৰ পৰা পলাবলৈ চেষ্টা কৰিছিল ASO3 BC- 9311 নম্বৰৰ ট্ৰাক খনে ৷ পিছত লতাবাৰীত পুনৰ ট্ৰাকখনক কৰায়ত্ত্ব কৰে আৰক্ষীয়ে ৷

আনহাতে, AS 01 GC 7887 নম্বৰৰ ট্ৰাকখনক বোকাখাতৰ কুবেৰ মিলৰ সমীপত আৰু ASO3 BC- 9311 নম্বৰৰ ট্ৰাকখনক বোকাখাত চাহ বাগিচাৰ সমীপত জব্দ কৰে বোকাখাত আৰক্ষীয়ে ৷

AS 01 GC 7887  ট্ৰাকখনৰ মালিক জনৈক গকুল সাহা আৰু AS O3 BC- 9311 নম্বৰৰ ট্ৰাকখনৰ মালিক জনৈক প্ৰকাশ আগৰৱালা বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ সম্পৰ্কত অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷