NORTHEAST NOW (Assamese)

সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতাত বোকাখাতৰ ‘সাৰথি’ নাট্যগোষ্ঠীলৈ শ্ৰেষ্ঠ দলৰ সন্মান

October 14, 2018 10:15 am · উত্তম শইকীয়া

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত, চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু মৰাণ আঞ্চলিক সমিতিৰ সহযোগত বিপুল মহন্ত সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতাত বোকাখাতৰ  সাৰথি নাট্যগোষ্ঠীয়ে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰবলৈ সক্ষম হয়।

নাট্যকাৰ অমৰ শৰ্মাৰ দ্বাৰা ৰচিত  ‘দ্যা আল্টিমেট বুমেৰাং’ নামৰ নাটকখনৰ জৰিয়তে বোকাখাতৰ সাৰথি নাট্যগোষ্ঠীয়ে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি বোকাখাতলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয়।

তাৰোপৰি এই প্ৰতিযোগিতাত সাৰথিৰ ৰনাল্ড হুছেইনে শ্ৰেষ্ঠ পৰিচালক, ৰাজদ্বীপ দত্তই শ্ৰেষ্ঠ শিশুশিল্পী, পূজাশ্ৰী তামুলীয়ে দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হয়।

নাটখনৰ আন আন চৰিত্ৰত অভিনয় কৰা শিল্পী সকল হ’ল ঋতুপৰ্ণ চৌধুৰী, দ্বীপ ঠাকুৰীয়া, আৰু প্ৰনৱ শইকীয়া। নাটকৰ শব্দ আৰু সংগীতত মৃত্যুঞ্জয় শইকীয়া আৰু ৰূপম কলিতা, পোহৰত বিতোপন কোঁৱৰ, মঞ্চ সজ্জাত ৰূপম শইকীয়া, প্ৰত্যুষ হাজৰিকা আৰু লিটম শইকীয়া। ৰূপসজ্জাত ঋতুপৰ্ণ চৌধুৰী আৰু ৰুণজুন দত্ত শইকীয়াৰ।

Related News