• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিবলৈ আগবাঢ়ি আহিছে আছু

এন ই নাও নিউজ by এন ই নাও নিউজ
October 14, 2018 10:40 am
index-2

প্ৰতিনিধিত্বমূলক ফটো

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিবলৈ পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰামৰ প্ৰয়োজন আছে। ইয়াৰ দ্বাৰা অসমৰ পৰা বহিঃৰাজ্যলৈ বোৱা ধনৰ সোঁত ৰোধ কৰিব পাৰি। শনিবাৰে ডিব্ৰুগড়ত এখন সংবাদমেলত আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে এইদৰে কয়।

যেতিয়ালৈকে কৃষিভিত্তিক জাতীয় অৰ্থনীতি শক্তিশালী নহয় তেতিয়ালৈকে কোনো ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় সন্মিলন পাতি বহিৰাগত কোম্পানীয়ে বিনিয়োগ কৰিলে থলুৱাৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী নহয় বুলি মত ব্যক্ত কৰে আছু নেতাগৰাকীয়ে।

Apply Now

অসমৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰসমূহ চিনাক্ত কৰিব লাগিব বুলি উল্লেখ কৰি নতুন প্ৰজন্মক অৰ্থনৈতিকভাৱে সকাহ দিয়া আৰু স্বাৱলম্বনৰ জৰিয়তে জাতীয় অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিবলৈ আছুৱে পৰিকল্পিত চিন্তা-চৰ্চা চলাইছে বুলি সাধাৰণ সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে।

ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট আৰু ধেমাজি জিলাত আছুৰ সহযোগত কেইবাটাও প্ৰকল্প গঢ়ি তোলা হৈছে বুলি জানিবলৈ দি ছাত্ৰ নেতাজনে কয় যে মাছ, কণী, গাখীৰৰ নামত বহু হাজাৰ কোটি টকা ৰাজ্যখনৰ পৰা বহিৰ্গমন হয়। অকল কণীৰ নামতে ১০০০-১৫০০ কোটি টকা প্ৰতি মাহত অসমৰ পৰা বহিঃৰাজ্যলৈ ওলাই যায়। এই ক্ষেত্ৰখনৰ বাবে অসম চৰকাৰ আৰু অসমৰ শিক্ষিত নিবনুৱাই চিন্তা চৰ্চা কৰা নাই। তদুপৰি, চৰকাৰৰো কোনো সু-পৰিকল্পিত নীতি নাই।

আছুৱে শেহতীয়াকৈ ছয়গৰাকী উদ্যোগী লোকক কণী পৰা মুৰ্গি ফাৰ্ম (লেয়াৰ্ছ) খোলাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁলোক হ’ল প্ৰসেনজিৎ মৰাণ, দিলীপ চেতিয়া, পুতুল সোণোৱাল, গিৰীশ বৰা, ধন চেত্ৰী আৰু আকাশজ্যোতি গগৈ। উক্ত ফাৰ্মকেইখনে দৈনিক ২০,০০০টা কণী উৎপাদনৰ লক্ষ্যত উপনীত হৈছে বুলিও তেওঁ সদৰী কৰে।

তেওঁ লগতে জানিবলৈ দিয়ে যে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত উদ্যোগী আকাশজ্যোতি গগৈয়ে দেওবাৰৰ পৰা এনে এখন ফাৰ্ম আৰম্ভ কৰিব। য’ত অসমৰ ভিতৰত সৰ্বাধিক দৈনিক ৫৪,০০০টা কণী উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে।

অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীৰ এই কাৰ্য আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰু দায়িত্ব আছে বুলি তেওঁ কয়।

তেওঁ লগতে আছুৱে অসমৰ হস্ত-তাঁত, বস্ত্ৰ শিল্পৰ যোগেদি অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰাৰ ক্ষেত্ৰত উদ্যোগ লৈছে বুলি সদৰী কৰি কয় যে ধেমাজিৰ মাছখোৱা চৌখামগাঁৱত ২৫টা পৰিয়ালে পাৰম্পৰিকভাৱে হস্ত-তাঁত শিল্পৰ কাম-কাজ আৰম্ভ কৰিছে। আছুৱে তেওঁলোকক আধুনিক তাঁত শাল, ফুল বছা আধুনিক মেচিন প্ৰদানৰ ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়াইছে।

সেইদৰে শিৱসাগৰ জিলাৰ ডিমৌৰ আঠকৰীত প্ৰণৱ চেতিয়া নামৰ এজন ব্যক্তিয়ে আছুৰ সহযোগত আন এটা প্ৰকল্প হাতত লোৱাৰ কথাও তেওঁ জনায়। একেদৰে উদ্যোগী কৌশিক বৰুৱা, শ্ৰীমন্ত মাধৱ দত্ত, বিশাল শৰ্মাৰ দৰে ব্যক্তিয়ে উজ্জীৱন কৃষি বিকাশ কেন্দ্ৰ, অৰুণা, থলুৱা নামৰ ব্ৰেণ্ডত আচাৰ, হাঁহ, বন ৰজাকুকুৰা, ছাগলী আদিৰ ব্যৱসায় আৰম্ভ কৰিছে।

আছুৰ সাধাৰণ সম্পাদকজনে কয় যে থলুৱাক চৰকাৰে বাটৰ সন্ধান আৰু প্ৰকল্প দিব লাগিব তেতিয়াহে স্বাৱলম্বনৰ জৰিয়তে অসমৰ জাতীয় পুঁজিৰ ভেটি শক্তিশালী হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd