‘পাঞ্জাব দা পুত্তৰ’ দিলজিৎ দোসাঞ্জে একাধিক বাধা আৰু সতৰ্কবাণী অতিক্ৰম কৰি ইন্দোৰত কনচাৰ্টেৰে দৰ্শকক মোহিত কৰিলে। তেওঁ সুৰেৰে দৰ্শকক মোহিত কৰাই নহয়, বৰঞ্চ আত্মবিশ্বাসী দিলজিতে প্ৰত্যাহ্বান জনাই কয় এই চহৰত তেওঁক গান গোৱাত কোনেও বাধা দিব নোৱাৰে। ১৫ নৱেম্বৰত কনচাৰ্ট বন্ধ কৰাৰ চেষ্টা আৰু ভাবুকি দিয়াৰ পিছতো তেওঁ প্ৰতিশ্ৰুতি পালন কৰা বুলি স্পষ্ট কৰি দিয়ে।
নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দিলজিতে মঞ্চত ৰাহত ইন্দোৰীৰ কবিতাও আবৃত্তি কৰে। উৰ্দু কবি ৰাহত ইন্দোৰীৰ জনপ্ৰিয় এটা গজলৰ কেইটামান শাৰী তেওঁ আবৃত্তি কৰে। গীত আৰু আবৃত্তিৰ যুগলবন্দীৰ বাবে ইন্দোৰৰ কনচাৰ্ট দৰ্শকৰ স্মৃতিত থাকি যাব বুলি ক’লেও অতিৰঞ্জিত নহ’ব।
দিলজিতে কনচাৰ্টৰ এটা ভিডিঅ’ ক্লিপ নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। সেই ভিডিঅ’টোত তেওঁক ‘সিংহম’ মুডত হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত থিয় হৈ সকলো বাধা আৰু নিষেধাজ্ঞাৰ মাজতো ইন্দোৰত অনুষ্ঠান পৰিৱেশন কৰাৰ প্ৰতিশ্ৰুতি ৰখা বুলি কোৱা দেখা গৈছে।
মঞ্চত থিয় হৈ দিলজিতে কয়, “এইটো গাব নোৱাৰিব, সিটো গাব নোৱাৰিব। এইটো কৰিব নোৱাৰিব, সিটো কৰিব নোৱাৰিব। চাওক, এইখন মহাকালৰ ভূমি। ইয়ালৈ অহাত কোনেও বাধা দিব নোৱাৰে। আগতেও ভয় কৰা নাছিলো, এতিয়াও ভয় নকৰো। আৰু আপোনালোকেও কিয় ভয় খাব লাগে? মই আজি আপোনালোকৰ শক্তিৰ বাবেই ইয়ালৈ আহিছো। জয় শ্ৰী মহাকাল।”
উৰ্দু কবি ৰাহত ইন্দোৰীৰ বিখ্যাত গজলৰ কেইটামান শাৰী আবৃত্তি কৰি দিলজিতে বুজাই দিলে, “মোৰ মুখৰ পৰা যি ওলায় সেইটোৱে সত্যৰ কণ্ঠস্বৰ। তোমালোকৰ ভাষা মোৰ মুখত নাই। কোনোবাই বিৰোধিতা কৰিলে কৰিবলৈ দিয়ক, তাতে প্ৰাণটো হেৰাই যোৱা নাই। এই সকলোবোৰ ধোঁৱা, আকাশ নহয়। মই জানো, শত্ৰুৰ সংখ্যা কম নহয়। কিন্তু সকলোৱে আমাৰ দৰে হাতৰ তলুৱাত প্ৰাণ লৈ ঘূৰি ফুৰা নাই। এই দেশৰ মাটি সকলোৰে তেজ মিহলি হৈ আছে, হিন্দুস্তান কাৰো পৈতৃক সম্পত্তি নহয়।”
উল্লেখ্য ১৫ নৱেম্বৰত ইন্দোৰত পাঞ্জাবী গায়ক দিলজিতৰ কনচাৰ্টক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈছিল। জিলা শিশু সুৰক্ষা বিভাগৰ বিষয়াই দিলজিতে গোৱা চাৰিটা জনপ্ৰিয় গীত পৰিবেশন কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। অভিযোগ অনুসৰি, প্ৰশ্ন কৰা গীতবোৰে শিশুৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। কেৱল গান গোৱাত নিষেধাজ্ঞাই নহয়, বোমা আক্ৰমণৰ ভাবুকিও আহিছিল। ইমেইলৰ জৰিয়তে এই ভাবুকি দিয়া হৈছিল।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰা ইমেইলযোগে এই ভাবুকি দিয়া হৈছে। এই বাৰ্তাত দিলজিতৰ কনচাৰ্টৰ কথা উল্লেখ কৰাৰ উপৰিও গোৱাললিয়ৰ উচ্চ ন্যায়ালয়ত আক্ৰমণৰ ভাবুকিও দিয়া হৈছিল। অৱশেষত ভয়ক জয় কৰিলে দিলজিতে!





