ভাৰতীয় সেনাৰ লেফটেনেন্ট পদত বোকাখাতৰ আকাশ শ্ৰৱণ ঘোষ

Bokakhat's Akash Shravan Ghosh commissioned as a Lieutenant of Indian Army

লেফটেনেণ্ট আকাশ শ্ৰৱণ ঘোষ।

ইণ্ডিয়ান মিলিটেৰি একাডেমিৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ ভাৰতীয় সেনাবাহিনীত লেফটেনেন্টৰূপে নিযুক্তি লাভ কৰিছে বোকাখাতৰ যুৱক আকাশ শ্ৰৱণ ঘোষে৷

ডেৰাডুনৰ ইণ্ডিয়ান মিলিটেৰি একাডেমিৰ পৰা উত্তীৰ্ণ আকাশ শ্ৰৱণ ঘোষক অৰুণাচল প্ৰদেশৰ টেঙ্গা ভেলীত লেফটেনেন্ট হিচাপে নিযুক্ত দিছে ভাৰতীয় সেনাই৷

লেফটেনেণ্ট পদত নিযুক্তিৰে বোকাখাতৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা আকাশ শ্ৰৱণ ঘোষ বোকাখাত টাউন হাইস্কুলৰ শিক্ষক সুনীল কুমাৰ ঘোষ আৰু জয়া ঘোষৰ জ্যেষ্ঠ পুত্ৰ৷

বোকাখাতৰ যুৱক আকাশ শ্ৰৱণ ঘোষে অতি কম বয়সতে ভাৰতীয় সেনাবাহিনীৰ লেফটেনেণ্ট পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱাত গৌৰৱান্বিত হৈ পৰিছে সমগ্ৰ বোকাখাতবাসী৷

১৩ জুনৰ দিনা একাডেমিৰ শিক্ষান্ত অনুষ্ঠানত লেফটেনেণ্ট পদত নিযুক্তি লাভ কৰে আকাশ শ্ৰৱণ ঘোষে৷

সৰুৰেপৰা মেধাৰ পৰিচয় দিবলৈ সক্ষম হোৱা আকাশ শ্ৰৱণ আছিল অত্যন্ত অনুশাসনশীল৷

পুত্ৰই ভাৰতীয় সেনা বিষয়া হিচাবে নিৰ্বাচিত হোৱাত আকাশ শ্ৰৱণৰ পিতৃ-মাতৃয়ে আকাশ শ্ৰৱনৰ সকলো শিক্ষাগুৰু আৰু শুভাকাংক্ষীক কৃতজ্ঞতা জনায়৷

উল্লেখযোগ্য যে আকাশৰ একমাত্ৰ ভাতৃ অমন বিশাল ঘোষো বৰ্তমান ইণ্ডিয়ান মিলিটাৰী একাডেমিত ছাত্ৰ হিচাপে অধ্যয়নৰত৷