NORTHEAST NOW (Assamese)

গুৱাহাটীত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব বলীন বৰদলৈ! : আজি আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা

March 22, 2019 11:26 am · এন ই নাও নিউজ
বলীন বৰদলৈ। ফটো : ফেচবুক

বহু অপেক্ষিত গুৱাহাটী লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছে আজি প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। কংগ্ৰেছৰ এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিয়া মতে গুৱাহাটী লোকসভা সমষ্টিত বলীন বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব।

আজি বিয়লিৰ ভাগত ঘোষণা কৰাৰ সম্ভাৱনা থকা গুৱাহাটী সমষ্টিত দলে এগৰাকী মৰ্যাদাপূৰ্ণ তথা ব্যক্তিত্বসম্পন্ন প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ ভিত্তিত বৰদলৈৰ নাম বিবেচনা কৰিছে।

দলীয় সূত্ৰই আমাক জানিবলৈ দিয়ে যে গুৱাহাটী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্বকলৈ দলটোৱে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সৃষ্টি হোৱা জটিলতা অঁতৰাই অৱশেষত বলীন বৰদলৈক সমষ্টিটোত প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

অসমৰ অন্যতম মৰ্যাদাপূৰ্ণ তথা গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত গুৱাহাটী লোকসভা সমষ্টিত এসময়ত কৰ্পোৰেট চাহ উদ্যোগৰ উচ্চ কাৰ্যবাহী বিষয়া হিচাপে কৰ্মৰত তথা ভাৰতৰত্ন প্ৰয়াত গোপীনাথ বৰদলৈৰ পুত্ৰ বলীন বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদানৰ জৰিয়তে কংগ্ৰেছে সমষ্টিটো পুনৰুদ্ধাৰৰ আশা কৰিছে।

উল্লেখযোগ্য যে নব্বৈৰ দশকত এন ডি এফ বিৰ হাতত বলীন বৰদলৈ অপহৃত হৈছিল আৰু সেইসময়ৰ ঘটনাটোৱে ৰাষ্ট্ৰজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল।

আনহাতে, গুৱাহাটী লোকসভা সমষ্টিৰ বাবে কিৰিপ চলিহা আৰু ৰমেন বৰঠাকুৰেও প্ৰাৰ্থিত্ব লাভৰ বাবে যুঁজ দিছিল যদিও কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে প্ৰদেশ কংগ্ৰেছেও বলীন বৰদলৈৰ প্ৰাৰ্থিত্বকে অগ্ৰাধিকাৰ দিয়া বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

ইপিনে, বিজেপিয়ে ইতিমধ্যে গুৱাহাটীত কুইন ওজাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু এতিয়া কংগ্ৰেছেও প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতে সমষ্টিটোৰ নিৰ্বাচনী যুঁজখনে নতুন গতি লাভ কৰাৰ আশা কৰা হৈছে।

Related News