• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব বলীন বৰদলৈ! : আজি আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2019 11:26 am
10007447_10201680918572651_1631107053_n

বলীন বৰদলৈ। ফটো : ফেচবুক

560
VIEWS
Share on FacebookShare on Twitter

বহু অপেক্ষিত গুৱাহাটী লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছে আজি প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। কংগ্ৰেছৰ এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈ দিয়া মতে গুৱাহাটী লোকসভা সমষ্টিত বলীন বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব।

আজি বিয়লিৰ ভাগত ঘোষণা কৰাৰ সম্ভাৱনা থকা গুৱাহাটী সমষ্টিত দলে এগৰাকী মৰ্যাদাপূৰ্ণ তথা ব্যক্তিত্বসম্পন্ন প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ ভিত্তিত বৰদলৈৰ নাম বিবেচনা কৰিছে।

দলীয় সূত্ৰই আমাক জানিবলৈ দিয়ে যে গুৱাহাটী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্বকলৈ দলটোৱে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সৃষ্টি হোৱা জটিলতা অঁতৰাই অৱশেষত বলীন বৰদলৈক সমষ্টিটোত প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

অসমৰ অন্যতম মৰ্যাদাপূৰ্ণ তথা গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত গুৱাহাটী লোকসভা সমষ্টিত এসময়ত কৰ্পোৰেট চাহ উদ্যোগৰ উচ্চ কাৰ্যবাহী বিষয়া হিচাপে কৰ্মৰত তথা ভাৰতৰত্ন প্ৰয়াত গোপীনাথ বৰদলৈৰ পুত্ৰ বলীন বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদানৰ জৰিয়তে কংগ্ৰেছে সমষ্টিটো পুনৰুদ্ধাৰৰ আশা কৰিছে।

উল্লেখযোগ্য যে নব্বৈৰ দশকত এন ডি এফ বিৰ হাতত বলীন বৰদলৈ অপহৃত হৈছিল আৰু সেইসময়ৰ ঘটনাটোৱে ৰাষ্ট্ৰজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল।

আনহাতে, গুৱাহাটী লোকসভা সমষ্টিৰ বাবে কিৰিপ চলিহা আৰু ৰমেন বৰঠাকুৰেও প্ৰাৰ্থিত্ব লাভৰ বাবে যুঁজ দিছিল যদিও কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে প্ৰদেশ কংগ্ৰেছেও বলীন বৰদলৈৰ প্ৰাৰ্থিত্বকে অগ্ৰাধিকাৰ দিয়া বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

ইপিনে, বিজেপিয়ে ইতিমধ্যে গুৱাহাটীত কুইন ওজাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু এতিয়া কংগ্ৰেছেও প্ৰাৰ্থী ঘোষণা কৰাৰ পাছতে সমষ্টিটোৰ নিৰ্বাচনী যুঁজখনে নতুন গতি লাভ কৰাৰ আশা কৰা হৈছে।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd