NORTHEAST NOW (Assamese)

বিশেষভাৱে সক্ষম অসমীয়া ছাত্ৰীৰ জীৱনৰ আধাৰত অক্ষয় কুমাৰে নিৰ্মাণ কৰিছে চুটি ছবি

August 16, 2019 8:32 pm · বনানী শৰ্মা
Updated: August 16, 2019 8:58 pm
জেবিনৰ সৈতে অক্ষয় কুমাৰ

শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও বাধাৰ প্ৰাচীৰ হ’ব নোৱাৰে এই কথাষাৰকে পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে হোজাইৰ ছাত্ৰী জেবিন কৌচাৰে।

বলীউদৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ সৈতে মায়ানগৰী মুম্বাইত একেলগে কাম কৰাৰ সুযোগ লাভ কৰিছে অসমৰ বিশেষভাৱে সক্ষম ছাত্ৰী জেবিনে।

সৰুৰে পৰা দুয়োখন হাত বিকল জেবিনে সৰুতে মাটিতে ভৰিৰে কিবা কিবি আঁকি পৰৱৰ্তীসময়ত প্ৰচণ্ড মনোবল আৰু অধ্যাৱসায়েৰে ভৰিৰে লিখিয়ে মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হয়।

জেবিনে ভৰিৰে লেখি মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বাতৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে সেই খবৰ বলীউদৰ অভিনেতা অক্ষয় কুমাৰৰ হাতত পৰে।

অক্ষয়ে জেবিনৰ জীৱনৰ ওপৰত চুটি ছবি নিৰ্মাণ কৰাৰ বাবে তাইক মুম্বাইলৈ নিমন্ত্ৰণ জনায়।

অভিনেতাগৰাকীৰ নিমন্ত্ৰণত সহাৰি দি নিৰ্দিষ্ট সময়ত জেবিন পৰিয়ালৰ লোকৰ সৈতে মুম্বাইত উপস্থিত হয়।

মুম্বাই লৈ গৈ বলীউডৰ সকলোৰে আদৰৰ অভিনেতাগৰাকীক কাষতে পাই তাইৰ সকলোবোৰ সপোন সপোন যেন লাগিছিল।

শ্বুটিংৰ আগদিনাখন জেবিনৰ ভয় লাগিল আগ দিনা তাই হিন্দী বাদেই ভয়তে নিজৰ অসমীয়া ভাষাটোও পাহৰি যোৱাৰ দৰে হৈছিল।

অৱশ্যে শ্বুটিঙৰ দিনা জেবিনে হিন্দীতে কেমেৰাৰ সন্মুখত কৈ গৈছিল তাইৰ মনৰ সকলোবোৰ কথা।

ভবিষ্যতে এগৰাকী সফল প্ৰশাসনিক বিষয়া হোৱাৰ আশা মনত পুহি ৰখা জেবিনে অক্ষয় কুমাৰৰ সান্নিধ্যই তেওঁৰ সপোনৰ বাটত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যথেষ্ঠ সহায় কৰিব বুলি জনায়।

ইতিমধ্যে, ছ’চিয়েল মিডিয়াত অক্ষয় কুমাৰে জেবিনক লৈ নিৰ্মাণ কৰা ছবি খনৰ ‘প্ৰমো’ ভাইৰেল হৈছে।

চুটি ছবি খনৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শকে জেবিনে পঢ়া শিক্ষানুষ্ঠান,তাইৰ ঘৰখন লগতে তাইৰ দৈনন্দিন জীৱনৰ আভাস পাব।

জেবিনে অক্ষয় কুমাৰক তাই নিজে আকা এখন ছবি উপহাৰ হিচাপে দিয়ে। তাই ভৰিৰে অঁকা ছবিখন উপহাৰ হিচাপে পাই অক্ষয় কুমাৰ আনন্দিত হৈ পৰে আৰু তেওঁ জেবিনক জীৱনৰ বাটত আগুৱাই যাবলৈ শুভকামনা জনায়।

জেবিনে সংবাদ মাধ্যমৰ আগত তাইৰ মনোভাৱ প্ৰকাশ কৰি পৰিয়ালৰ সহায় অবিহনে তাই আগুৱাই যোৱাতো একেবাৰেই সম্ভৱ নাছিল বুলি কয়।

চাৰি জনী ভনীয়েকৰ সৈতে জেবিন ঘৰ খনৰ ডাঙৰ ছোৱালী।ঘৰৰ আৰ্থিক অৱস্থা উন্নত নহলেও দেউতাকে কেতিয়াও সিহতৰ পঢ়া শুনাত বাধা দিয়া নাই বুলিও তাই কয়।

‘‘দেউতাকে কষ্ট কৰি হলেও সিহঁতক পঢ়াৰ সকলো যোগাৰ কৰি দিছে।জেবিনৰ প্ৰতিবন্ধকতা কেতিয়াও পৰিয়াল বাবে অসুবিধাৰ কাৰণ হোৱা নায়’’।–জেবিনে মত প্ৰকাশ কৰে।

পৰিয়ালৰ আশা জেবিন এদিন আই.পি.এছ বিষয়া হ’ব জেবিনেও লক্ষ্যত উপনীত হবলৈ একান্ত মনেৰে অধ্যয়ন কৰি গৈছে লগতে জেবিনে কয় শাৰীৰিক প্ৰতিবন্ধকতাৰ ওচৰত কেতিয়াও হাৰি যোৱাটো উচিত নহয়। শৰীৰৰ বলত কৈ মনৰ শক্তিৰে লক্ষ্যপথত উপনীত হ’ব পাৰি।

Related News