প্ৰতিবাদী কৃষক আৰু চৰকাৰৰ মাজত কোনো তৃতীয় শক্তিক নোসোমাবলৈ আহ্বান চানি ডেউলৰ

উৎস-ইণ্টাৰনেট

পঞ্জাৱৰ গুৰদ্বাছপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ সাংসদ তথা অভিনেতা চানি ডেউলে দিল্লী সীমান্তত অব্যাহত থকা কৃষক প্ৰতিবাদ সম্পৰ্কত মত প্ৰকাশ কৰিছে।

দেওবাৰে কৃষক প্ৰতিবাদ সম্পৰ্কত মত ব্যক্ত কৰি চানি ডেউলে তেওঁ সদায় কৃষক আৰু তেওঁৰ দলৰ সৈতে আছে বুলি উল্লেখ কৰে।

‘‘কেন্দ্ৰ চৰকাৰে সদায় কৃষকৰ ভালৰ বাবে চিন্তা কৰে আৰু কৃষকৰ উন্নতিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি আহিছে,’’ চানি ডেউলে লগতে কয়।

আনহাতে, দিল্লী সীমান্তত চলি থকা কৃষক প্ৰতিবাদ সময়ত চৰকাৰ আৰু কৃষক সকলৰ মাজত মধ্যস্থতাকাৰীক নহাৰ বাবেও অভিনেতা গৰাকীয়ে আহ্বান জনায়।

‘‘এই আলোচনা কৃষক আৰু চৰকাৰৰ মাজত চলিছে গতিকে কৃষক আৰু চৰকাৰৰ মাজত যাতে কোনো নাহে। বহু তৃতীয় শক্তিয়ে ইয়াৰ পৰা লাভ আহৰণ কৰিব বিচাৰিছে আৰু তেওঁলোকে কৃষকৰ কোনো হিত বিচাৰি সমৰ্থন দিবলৈ অহা নায়,’’ বিজেপিৰ সাংসদ তথা অভিনেতা গৰাকীয়ে পুনৰ কয়।
ইপিনে, কৃষকৰ প্ৰতিবাদ আৰু কোভিড মহামাৰীৰ বাবে এইবাৰ চানি ডেউলৰ পিতৃ ধৰ্মেন্দ্ৰই নিজৰ জন্মদিন উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

‘‘কৃষক সকল কষ্টত আছে আৰু দেশত কোভিডে নাগৰিক সকলক বহু কষ্ট দিছে, সেয়েহে মই জন্মদিন উদযাপন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো,’’ ধৰ্মেন্দ্ৰই এইদৰে মত প্ৰকাশ কৰে।