NORTHEAST NOW (Assamese)

বলীউদৰ প্ৰসিদ্ধ অভিনেতা কিৰন কুমাৰৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ

May 24, 2020 7:42 am · এন ই নাও নিউজ

বলীউদৰ প্ৰসিদ্ধ অভিনেতা কিৰন কুমাৰৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছত অভিনেতাগৰাকী বৰ্তমান ১০দিন ধৰি স্বেচ্ছামূলক কোৱাৰেন্টাইনত আছে।

বাতৰি অনুসৰি, অভিনেতাগৰাকীয়ে নিজেই কোভিড-১৯ত আক্ৰান্ত হোৱাৰ কথা সদৰী কৰিছে।

তেওঁ লগতে কয় যে এখন হাস্পাতলত তেওঁ এটা সাধাৰণ চিকিৎসাৰ বাবে যোৱাৰ সময়ত কেইটামান পৰীক্ষা কৰাৰ পাছত ইয়াৰ বিষয়ে জানিব পাৰে।

তেওঁ যেতিয়া এক আগতীয়া সাৱধানতামূলক ব্যৱস্থা হিচাপে কোভিড-১৯ৰ পৰীক্ষা কৰে তেতিয়া তেওঁৰ ফলাফল পজিটিভ ধৰা পৰে।

অভিনেতাগৰাকীয়ে লগতে সদৰী কৰে যে তেওঁৰ সংক্ৰমণৰ কোনো লক্ষণ দেখা যোৱা নাছিল।

বাতৰিত প্ৰকাশ পোৱা মতে কিৰন কুমাৰে সোমবাৰে পুনৰ কৰ’না ভাইৰাছৰ পৰীক্ষা কৰিব।

অভিনেতাগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে তেওঁ বৰ্তমান সুস্থ আছে আৰু পজিটিভ ধৰা পৰাৰ দহদিন পাছতো আনকি কোনো লক্ষণ দেখা দিয়া নাই।

কিৰন কুমাৰ হিন্দী ছবিজগতৰ প্ৰয়াত অভিনেতা জীৱন কুমাৰৰ পুত্ৰ।

বলীউদৰ কমেও এশ খন ছবিত তেওঁ অভিনয় কৰিছে আৰু হিন্দী শ্ব’ৰ লগতে ভোজপুৰী তথা গুজৰাটী টিভি চিৰিয়েলতো তেওঁ অভিনয় কৰিছে।

Related News