ড্ৰাগছ কাণ্ডত ১০ বছৰ জে’ল হ’ব পাৰে বলীউদ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ

Ria-Arrest-So-many-bollywood-actors-are-getting-tension

ৰিয়া চক্ৰৱৰ্তী।

বলীউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত বলীউদৰ সৈতে ড্ৰাগছৰ সম্পৰ্কৰ ঘটনা পোহৰলৈ আহিছে।

ড্ৰাগছৰ গোচৰৰ তদন্তত এনচিবিয়ে ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰিছে।

উক্ত গোচৰতে এইবাৰ পোহৰলৈ আহিছে নতুন তথ্য। বাতৰি অনুসৰি, ৰিয়া চক্ৰৱৰ্তীৰ ঘৰৰ পৰা ডেৰ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰা হৈছে।

ঘৰৰ পৰা গাঞ্জা উদ্ধাৰৰ ঘটনাত বিপদ বাঢ়িছে ৰিয়া আৰু তেওঁৰ ভাতৃৰ। দুয়োজনৰে এই ক্ষেত্ৰত কমেও ১০বছৰ জে’ল হ’ব পাৰে বুলি কোৱা হৈছে।

ইপিনে এনচিবিয়ে স্পষ্ট কৰি দিছে যে ই সুশান্তৰ মৃত্যুৰ তদন্ত নহয়, ড্ৰাগছৰ গোচৰৰহে তদন্ত কৰিছে।

বৰ্তমানলৈকে এই গোচৰত ১৯জনক গ্ৰেপ্তাৰ কৰা হৈছে। এই আটাইকেইজনৰে পৰা ড্ৰাগছ উদ্ধাৰ হৈছে।

আনহাতে, বৃহস্পতিবাৰে ড্ৰাগছ কাণ্ডৰ সম্পৰ্কত প্ৰকাশ পাইছে এক ডাঙৰ খৱৰ।

বাতৰি অনুসৰি, বলীউদৰ সৈতে ড্ৰাগছৰ সম্পৰ্কৰ যি চক্ৰ উৎখাত কৰিবলৈ এনচিবি ব্যস্ত হৈ পৰিছে তাত পোহৰলৈ আহিছে আৰু এটা বিখ্যাত নাম।

কোৱা হৈছে যে বলীউদৰ ড্ৰাগছ চক্ৰৰ মূল নায়ক হৈছে এই ছুপাৰ মডেল তথা অভিনেতাগৰাকী। তেওঁৰ ইংগিততেই হেনো বলীউদত ড্ৰাগছৰ ৰমৰমীয়া চক্ৰ চলি আছে।

ইপিনে, দীপিকা, ছাৰা, শ্ৰদ্ধা আদি অভিনেত্ৰীৰ জেৰাত বলীউদৰ আৰু বহুকেইজন আগশাৰীৰ অভিনেতা এনচিবিৰ আওতালৈ অহাৰ সম্ভাৱনা আছে।