চিৰদিনৰ বাবে অভিনয়ক বিদায় দি ধৰ্মত শৰণ ল’লে এইগৰাকী বলীউদ অভিনেত্ৰীয়ে

WhatsApp Image 2020-10-09 at 11.28.49 AM

ছানা খান।

অভিনয় তথা বিনোদন জগতৰ পৰা চিৰদিনৰ বাবে বিদায় ল’লে এইগৰাকী বলীউদ অভিনেত্ৰীয়ে। ইনষ্টাগ্ৰামত নিজেই প’ষ্ট দি এইকথা প্ৰকাশ কৰিছে অভিনেত্ৰী ছানা খানে।

বলীউদক চিৰদিনৰ বাবে বিদায় দি ছানাই এইবাৰ নিজৰ ধৰ্ম অনুসৰণ কৰাৰ লগতে ধৰ্মৰ বাবে কাম কৰিব বিচাৰে।

ছানাৰ দৰ্শন হ’ল পৃথিৱীত মানুহৰ অহাৰ অৰ্থ মাথো ধন আৰু খ্যাতিৰ পাছত দৌৰাটোৱে নেকি?

ইনষ্টাগ্ৰামৰ প’ষ্টত ছানাই লিখিছে যে জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপস্থিত হৈ মই আপোনালোকৰ কথা পাতিছো।বিনোদন জগতত মই বহুবছৰ ধৰি আছো।

তেওঁ লিখিছে মই এতিয়া ভগৱানৰ আশীৰ্বাদত বহু ধন,খ্যাতি তথা অনুৰাগীৰ মৰম পাইছো। কিন্তু কিছুদিন ধৰি আমি এটা কথা ভাৱিছো যে পৃথিৱীত মানুহ অহাৰ অৰ্থ কি মাথো ধন আৰু খ্যাতিৰ পাছত দৌৰাটোৱে নেকি। দৰিদ্ৰ তথা অসহায়জনৰ বাবে কাম কৰাটো কৰ্তব্য নহয়নে?

যিকোনো সময়তে মৃত্যু হ’ব পাৰে সেইটো কোনোৱে ভৱা উচিত নহয়নে? এই প্ৰশ্নৰ উত্তৰ মই বিচাৰি ফুৰিছো। জানিব বিচাৰো মৃত্যুৰ পাছত মোৰ কি হ’ব?

ছানাই কয় যে ধৰ্মৰ মাজত মই ইয়াৰ উত্তৰ বিচাৰি যাওঁ। বুজিব পাৰিছো এই পৃথিৱীত জন্ম গ্ৰহণ কৰি মৃত্যুৰ পাছৰ জীৱনৰ উন্নতিৰ বাবে কাম কৰা প্ৰয়োজন। সৃষ্টিকৰ্তাৰ নিৰ্দেসত যদি এজন ভৃত্যই তেওঁৰ জীৱন যাপন কৰে সেয়াই ভাল।

তেওঁ লগতে কয় যে সেয়েহে মই আজি বিনোদন জগতৰ পৰা চিৰদিনৰ বাবে বিদায় ল’লো। আজিৰে পৰা মানৱতাৰ হকে কাম কৰিম আৰু ভগৱানৰ নিৰ্দেশ মানি চলিম।

ছানাই লিখিছে যে প্ৰতিজন ভাতৃ-ভগ্নীকে আল্লাৰ ওচৰত মোৰ বাবে প্ৰাৰ্থনা জনাবলৈ অনুৰোধ কৰিছো যাতে মই এই কামত অগ্ৰসৰ হ’ব পাৰো।

ইন্টাৰনেটত জগতত ভাইৰেল হৈ পৰা ছানাৰ এই প’ষ্টটোত তেওঁ লিখিছে যে সকলো ভাতৃ-ভগ্নীকে অনুৰোধ কৰিছো যাতে তেওঁলোকে মোৰ সৈতে বিনোদন জগতৰ কথা আৰু কোনোদিন আলোচনা নকৰে।