হিন্দী চিনেমাৰ প্ৰসিদ্ধ গায়ক মোহাম্মদ আজিজৰ দেহাৱসান; বৰপেটা চাউলখোৱা মহোৎসৱৰ শোক প্ৰকাশ

IMG-20181127-WA0011

ফটো : নৰ্থ-ইষ্ট নাও

হিন্দী চিনেমাৰ বহু কালজয়ী গীতত কণ্ঠদান কৰা প্ৰসিদ্ধ গায়ক মোহাম্মদ আজিজ আৰু নাই। মঙলবাৰে বিয়লি প্ৰায় ৩.৩০ মান বজাত হৃদৰোগত আক্ৰান্ত হৈ কণ্ঠশিল্পী গৰাকীয়ে মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে সোমবাৰে কলকাতাত এখন সংগীতানুষ্ঠানত অংশ গ্ৰহণ কৰি কালি কলকাতাৰ পৰা উভতি গৈ মুম্বাই বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে এই কৰুণ ঘটনাটো সংঘটিত হয়।

প্ৰসিদ্ধ গায়কগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে দেশৰ বিভিন্ন প্ৰান্তৰ সংগীত প্ৰেমীৰ লগতে বৰপেটা চাউলখোৱা মহোৎসৱৰ ফালৰ পৰাও গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

মহোৎসৱৰ সভাপতি ৰিংকু আহমেদে সংবাদ মাধ্যমক জনায় যে, মৃত্যুৰ আগমুহুৰ্তলৈকে মো: আজিজে বৰপেটা চাউলখোৱা মহোৎসৱৰ প্ৰতিটো খা-খবৰ ৰাখিছিল আৰু বৰপেটাৰ প্ৰতি গায়কগৰাকীৰ এক অন্য টান আছিল।

উল্লেখ্য যে বৰপেটা চাউলখোৱা মহোৎসৱৰ ২০১৭ বৰ্ষত বৰপেটা চহৰত সংগীত পৰিৱেশন কৰি সংগীতৰ মায়াজালেৰে বৰপেটাবাসীক আপ্লুত কৰিছিল। প্ৰসিদ্ধ গায়কগৰাকীয়ে নিজৰ জীৱন কালছোৱাত বৰপেটাৰ বিভিন্ন প্ৰান্তত সংগীতানুষ্ঠান পৰিৱেশন কৰা হেতুকে তেখেতৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ লগে লগে মৰ্মাহত হৈ পৰিছে সমগ্ৰ বৰপেটাবাসী।