বলিউদ ষ্টাৰ আমিৰ খানে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে ধন

amir-khan.1.352097

বলিউদৰ বিভিন্ন তাৰকাৰ পিছত এইবাৰ আন এগৰাকী তাৰকা আমিৰ খানে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে।

মিষ্টাৰ পাৰফেকশ্যনিষ্টে পি এম কেয়াৰ্ছ ফাণ্ডলৈ বৰঙণি আগবঢ়োৱাৰ কথা জানিবলৈ দিয়ে যদিও তেওঁ প্ৰদান কৰা পৰিমাণৰ কথা উল্লেখ নকৰে।

প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিৰ উপৰি খানে মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈও আৰ্থিক বৰঙণি আগবঢ়ায়।

ইয়াৰ উপৰি আমীৰ খানৰ আহিবলগীয়া ছবি ‍‘লাল সিং চড্ডা‍’ত দৈনিক মজুৰি হিচাপে কাম কৰা প্ৰত্যেকগৰাকী কৰ্মচাৰীকে সহায় কৰিব বুলিও ঘোষণা কৰে।

এই ঘোষণাই স্বাভাৱিকতে দৈনিক মজুৰিত কাম কৰা কৰ্মচাৰীসকলক উৎসাহিত কৰি তুলিছে।

আমিৰ খানৰ উপৰি এই পৰ্যন্ত অক্ষয় কুমাৰ, চাহৰুখ খান, চলমান খান, অজয় দেৱগন, ৰোহিত চেট্টী, অৰ্জন কাপুৰৰ দৰে অভিনেতাই সংকট কালত চৰকাৰক সহায় আগবঢ়াইছে।

ইয়াৰ উপৰি দাক্ষিণাত্যৰ কেইবাগৰাকী অভিনেতা-অভিনেত্ৰী, দেশৰ আগশাৰীৰ উদ্যোগপতি, ক্ৰিকেটাৰ, শ্বাটলাৰ আদিয়ে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰলৈ সহায়ৰ হাত আগবৎওৱা পৰিলক্ষিত হয়।

উল্লেখ্য যে, দেশত ক’ৰ’না ভাইৰাছে দেশত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে।  এই পৰ্যন্ত দেশত ৪ হাজাৰৰো অধিক লোক ইয়াৰ আক্ৰান্ত হোৱাৰ লগতে ১০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।