জটিল ৰোগত আক্ৰান্ত বৰুণ ধাৱান! কি হৈছে বলীউদৰ জনপ্ৰিয় অভিনেতাজনৰ?

Varun Dhawan reveals he was diagnosed with vestibular hypofunction বৰুণ ধাৱান এই মুহূৰ্তত বলীউৰ মূলসুঁতিৰ বাণিজ্যিক চলচ্চিত্ৰৰ অন্যতম জনপ্ৰিয় অভিনেতা। শেহতীয়াকৈ তেওঁৰ ‘যুগ যুগ জিয়ো’ ছবিখন মুক্তি পাইছে। ছবিখন বক্স অফিচত যথেষ্ট সফলো হৈছে। ছবিখনে বিশ্বব্যাপী বক্স অফিচৰ পৰা সংগ্ৰহ কৰিছে প্ৰায় ১৩৫ কোটি টকা। বৰ্তমান বৰুণ বলীউডৰ অন্যতম ব্যস্ত অভিনেতা। কিন্তু শেহতীয়াকৈ খবৰ পোৱা গৈছে যে বৰুণ ধাৱান এক জটিল ৰোগত আক্ৰান্ত হৈছে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ জনায় ‘অভিনেতাজনৰ ভেষ্টিবুলাৰ হাইপোফাংচন’ আছে। কিন্তু এই ৰোগটোনো কি?

সাক্ষাৎকাৰত অভিনেতাজনে কয় যে তেওঁ হঠাতে সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে। কেৱল সেয়াই নহয়। অভিনেতাজনে কয়, “কোভিডৰ পিছৰ সময়ছোৱাত হঠাতে সকলোৱে সেই নিগনি দৌৰ আৰম্ভ কৰিছিল। মইও তেনে কৰিছিলো। ‘যুগ যুগ জীয়ো’ৰ প্ৰচাৰৰ সময়ত মই এনে অনুভৱ কৰিছিলো যেন মই নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ ওলাইছো। আমি কেবল দৌৰিয়েই ফুৰিছো।”

দৰাচলতে ভেষ্টিবুলাৰ হাইপোফাংচন ৰোগে জীৱনৰ ভাৰসাম্য বিনষ্ট কৰে।  কোভিডৰ পিছৰ সময়ছোৱাত জীৱনৰ এই নিগনি দৌৰত কেতিয়াবা কেতিয়াবা সেই সমস্যাৰ সন্মুখীন হোৱা বহুলোক আছে। তাৰকাসকল সদায় লাইমলাইটত থাকে বুলিয়েই তেওঁলোকৰ জীৱন একেবাৰে মসৃন তেনেকৈ ভবাৰ কোনো কাৰম নাই। তেওঁলোকেও আন দহজনৰ দৰে শাৰীৰিক ৰোগত ভুগিব লগা হয়।

শীঘ্ৰেই ৰৰুণক অমৰ কৌশিক পৰিচালিত ‘ভেৰিয়া’ত দেখা পোৱা যাব। এই ছবিখনত বৰুণক কৃতি শ্যাননৰ সৈতে দেখা যাব। ইয়াৰ উপৰিও বৰুণক ‘বাওৱাল’ত জাহ্নৱী কাপুৰৰ সৈতে দেখা যাব।