NORTHEAST NOW (Assamese)

Flood in Assam: সহায়ৰ হাত! অসমলৈ বান সাহায্য আগবঢ়ালে বলিউড তাৰকা অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টীয়ে

June 17, 2022 11:49 am · জাহ্নৱী বৰুৱা,গুৱাহাটী
Updated: June 17, 2022 3:54 pm

শেহতীয়াকৈ অসমত সৃষ্টি হোৱা প্ৰলংয়কাৰী বানপানীৰ দুৰ্যোগৰ সময়ত অসমলৈ বান সাহায্য আগবঢ়ালে বলিউড তাৰকা অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টীয়ে।

বিগত কিছুদিন ধৰি নেৰা নেপেৰা বৰষুণৰ ফলত হোৱা বান পৰিস্থিতিয়ে মহানগৰীৰ লগতে সমগ্ৰ অসমতে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: Flood in Assam: ‘বান বাৰিষাৰে বান, বাৰে বাৰে সহিম কিমান!’ হাজোত কেমেৰাৰ সন্মুখতে বানে উটুৱাই নিলে ঘৰ

বলিউড অভিনেতা অৰ্জুন কাপুৰ আৰু নিৰ্দেশক তথা পৰিচালক ৰোহিত চেট্টী দুয়োগৰাকী বলিউড তাৰকাই অসমৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ধন।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি দুয়ো বলিউড তাৰকাই বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তথা বান সাহায্যৰ বাবে ৫ লাখ টকা আগবঢ়াইছে।

Related News