পুনৰ চিনেমাত প্ৰাণ পাই উঠিব কাশ্মীৰৰ সৌন্দৰ্য, কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পদক্ষেপ

জম্মু আৰু কাশ্মীৰৰ প্ৰাকৃতিক সৌন্দৰ্যক চিনেমাত তুলি ধৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা হাতত লৈছে।

ইয়াৰ আগতে ষাঠি-সত্তৰ-আশীৰ দশকত বলিউদৰ আউটডোৰ দৃশ্যসমূহৰ শ্বুটিং জম্মু আৰু কাশ্মীৰত কৰা হৈছিল। কিন্তু পাছলৈ সন্ত্ৰাস আৰু যুদ্ধৰ বাবে জম্মু আৰু কাশ্মীৰ বলিউডৰ চিনেমাৰ লোকেশ্বনৰ পৰা বাদ পৰিল।

জম্মু আৰু কাশ্মীৰৰ লিউটেণেণ্ট গভৰ্ণৰ মনোজ সিনহাই সোমবাৰে ফিল্ম নগৰী মুম্বাইত বলিউদৰ কেইবাজনো আগশাৰীৰ প্ৰযোজক-পৰিচালকৰ স’তে আলোচনা কৰে।

আলোচনাত সিনহাই কয় যে কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ পৰ্যটন উদ্যোগটো ইয়াৰ দ্বাৰা লাভান্বিত হ’ব আৰু প্ৰশাসনে চিনেমাৰ শ্বুটিঙৰ বাবে পৰ্যাপ্ত পৰিমাণে সহায় কৰিব।

ইয়াৰ উপৰি জম্মু আৰু কাশ্মীৰৰ চিনেমাৰ শ্বুটিং স্পটৰ উপযোগী ঠাইসমূহৰ আন্তঃগাঁঠনি উন্নত কৰিব বুলি আশ্বাস দিয়ে।

সিনহাৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ এই আলোচনা সংক্ৰান্তীয় এখনি ফটোত দেখা পোৱা গৈছে জনপ্ৰিয় পৰিচালক ইমতিয়াজ আলি, প্ৰযোজক-পৰিচালক একতা কাপুৰ, বিশ্লেষক তৰুণ আদৰ্শ, কমল নেহতা, দীনেশ বিজন, নীতিশ তিৱাৰী আৰু সঞ্জয় ত্ৰিপাথি তাত উপস্থিত থাকে।