NORTHEAST NOW (Assamese)

প্ৰচণ্ড বিস্ফোৰণে কঁপালে শ্বিলং, লকডাউনৰ বাবেই ৰক্ষা পৰিল বহুজনৰ প্ৰাণ

January 30, 2022 9:08 pm · এন ই নাও নিউজ,গুৱাহাটী

আজি সন্ধিয়া এক প্ৰচণ্ড বিস্ফোৰণে কঁপাই গ’ল মেঘালয়ৰ ৰাজধানী শ্বিলঙক।

শ্বিলঙৰ পুলিচ বজাৰৰ সমীপতে থকা দিল্লী মিষ্টান্ন ভাণ্ডাৰ নামৰ দোকান খনৰ কাষতে সংঘটিত এই বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে এই বিস্ফোৰণৰ সৈতে কোন সংগঠন জৰিত হৈ আছে সেয়া এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই।

বিস্ফোৰণৰ ঘটনাটোৰ পিছতে সমগ্ৰ শ্বিলং চহৰৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। বোমা স্কোৱাডৰ দলে আন ঠাইতো বোমা সংস্থাপিত কৰা হৈছে নেকি সেয়া পৰীক্ষা কৰি আছে।

উল্লেখ্য শ্বলিঙত আজি দেওবৰীয়া লকডাউন থকাৰ বাবেই এই বিস্ফোৰণত কোনো লোকৰ ক্ষতি নহ’ল।

এতিয়ালৈকে কোনো সংগঠনে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

Related News