জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যুৰ দিনটোৰ সৈতে সংগতি ৰাখি ৩০ জানুৱাৰীৰ দিনা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ” ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱস পালন কৰা হয়।
পশ্চিম অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ চহৰত অৱস্থিত চাপৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো এই দিৱস পালন কৰা হয়।
এই উপলক্ষ্যে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত এছ ডি এম ও ডাঃ আবুল কালাম আজাদে মাল্য অৰ্পন কৰি এগছি বন্তি প্ৰজ্বলন কৰে।
ডাঃ আবুল কালাম আজাদৰ পৌৰোহিত্যত কুষ্ঠ ৰোগ সম্পৰ্কে এক গাম্ভীৰ্য্য পূৰ্ণ সভাও অনুষ্ঠিত কৰা হয়। এই সভাত ডাঃ ভাস্কৰ সিংহ তথা নাৰ্ছ আৰু অন্যান্য পৰ্যায়ৰ স্বাস্থ্য কৰ্মী তথা এন জি ও কৰ্মী ক্ৰমে বাদল মণ্ডল , আল্টাফ হুছেইন আহমেদ , আজিয়া খাতুন , মঞ্জু বেগম , নিৰা ব্ৰাইক্, ৰঞ্জুমা বেগম , ৰকেয়া খাতুন , ভাস্কৰ কলিতা , তমিৰণ নেছা , মকবুল হুছেইন , অশোক পোদ্দাৰ , ইয়াচিন আলী , মৃণাল তালুকদাৰ , এনামূল হান্নান , দীপিকা নমো দাস , সাজিন্দৰ বৈঠা আদি উপস্থিত থাকে।
ধুবুৰী জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ নিৰ্দেশ মৰ্মে চাপৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত কৰা এই অনুষ্ঠানত জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰি এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয়।
বৃহত্তৰ চাপৰ অঞ্চলত কুষ্ঠ ৰোগ সম্পৰ্কে সজাগতা সভা আদি অনুষ্ঠিত কৰা হব বুলি চাপৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এছ ডি এম ও ডাঃ আবুল কালাম আজাদে প্ৰকাশ কৰিছে।