অমিতাভ বচ্চন, ধৰ্মেন্দ্ৰ আৰু মুকেশ আম্বানীৰ বাসভৱনত বোমা বিস্ফোৰণৰ ভাবুকি

মুকেশ আম্বানীক Z+ নিৰাপত্তা প্ৰদান কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Bomb threatsto Amitabh Bachchan and Dharmendra

এইবাৰ বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছে বলীউডৰ প্ৰবীণ অভিনেতা অমিতাভ বচ্চন আৰু ধৰ্মেন্দ্ৰই। এই দুই অভিনেতাৰ লগতে ধনকুবেৰ মুকেশ আম্বানীলৈও আহিছে বোমা বিস্ফোৰণৰ ভাবুকি। এক অচিনাক্ত ব্যক্তিয়ে ফোন যোগে এই তিনি চেলিব্ৰিটিৰ বাসভৱন বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছে।

নাগপুৰ পুলিচ কণ্ট্ৰ’লৰ কাৰ্যালয়লৈ ফোন কৰি এই ভাবুকি প্ৰদান কৰিছে ব্যক্তিগৰাকীয়ে। এই ভাবুকিৰ পিছতে নাগপুৰ পুলিচ কণ্ট্ৰ’ল কাৰ্যালয়ে মুম্বাই আৰক্ষীক ভাবুকিভৰা ফোন কলৰ বিষয়ে অৱগত কৰে। অচিনাক্ত ব্যক্তিগৰাকীৰ সন্ধানত ইতিমধ্যে অভিযান আৰম্ভ কৰিছে মুম্বাই আৰক্ষীয়ে।

উল্লেখ্য যে, মুম্বাইত অমিতাভ বচ্চনৰ ৫ টা বিলাসী বাসভৱন আছে। ইয়াৰে কেইটামান বাসভৱনৰ নাম ক্ৰমে- জলছা, জনক, বাট্ছা, আৰু প্ৰতীক্ষা। বচ্চন পৰিয়ালে মুম্বাইত প্ৰথমবাৰৰ বাবে ক্ৰয় কৰা সম্পত্তি আছিল প্রতীক্ষা৷ এই বাসভৱনত অমিতাভৰ প্ৰয়াত পিতৃ-মাতৃয়ে বাস কৰিছিল।

অৱশ্যে বৰ্তমান সমগ্ৰ বচ্চন পৰিয়াল জলছাত বাস কৰে। আনহাতে, আনগৰাকী অভিনেতা ধৰ্মেন্দ্ৰই জুহুৰ বাংলোত বাস কৰে। ইফালে মুকেশ আম্বানীৰ আড়ম্বৰপূৰ্ণ মহল এণ্টিলিয়াত বোমা বিস্ফোৰণৰ ভাবুকি দিছে অচিনাক্ত ব্যক্তিগৰাকীয়ে।

এই বিস্ফোৰক ভাবুকিৰ পিছতে উচ্চতম ন্যায়ালয়ে মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালক Z+ ছিকিউৰিটি কভাৰ প্ৰদান কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে আম্বানী পৰিয়ালৰ বাবে এই নিৰাপত্তা ব্যৱস্থা কেৱল মুম্বাইতে নহয়, সমগ্ৰ দেশ তথা বিদেশতো উপলব্ধ কৰা উচিত বুলি নিৰ্দেশনাত উল্লেখ কৰে।

এই নিৰাপত্তা ব্যৱস্থাৰ সমুদায় খৰচ মুকেশ আম্বানীয়ে বহন কৰিব বুলি আদালতে লগতে উল্লেখ কৰিছে।