অৱশেষত জামিন লাভ কৰিলে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ মাদক দ্ৰব্য কাণ্ড গোচৰত অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীয়ে অৱশেষত জামিন লাভ কৰিলে। আজি বোম্বে হাইক’ৰ্টে অভিনেত্ৰী গৰাকীৰ জামিন মঞ্জুৰ কৰে।

ৰিয়াৰ উপৰি চেমুৱেল মিৰাণ্ডা আৰু দীপেশ সাৱন্তেও জামিন লাভ কৰে। কিন্তু উচ্চ ন্যায়ালয়ে সৌভিক আৰু ড্ৰাগছ সৰবৰাহকাৰী বাছিত পৰিহাৰৰ জামিন খাৰিজ কৰে।

ন্যায়ালয়ে ১ লাখ টকাৰ বিনিময়ত ৰিয়াৰ জামিন মঞ্জুৰ কৰে আৰু তেওঁৰ পাছপ’ৰ্ট জমা কৰিবলৈ কয়।

ইয়াৰ উপৰি অভিনেত্ৰী গৰাকীয়ে মুম্বাইৰ বাহিৰলৈ যাবলৈ হ’লে অনুমতি ল’ব লাগিব আৰু সোধা-পোচাৰ বাবে মাতিলে উপস্থিত হ’ব লাগিব।

উল্লেখ্য যে ৰিয়া আৰু তেওঁৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীয়ে বোম্বে উচ্চ ন্যায়ালয়ত জামিনৰ বাবে আবেদন জনাইছিল আৰু যোৱা ২৯ ছেপ্তেম্বৰত আদালতে এই ৰায়দান সংৰক্ষিত কৰি ৰাখিছিল।

সুশান্তৰ মৃত্যুৰ তদন্ত চলোৱা নাৰক’টিকছ কন্ট্ৰ’ল ব্যুৰোই মাদক দ্ৰব্যৰ চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত ৯ ছেপ্তেম্বৰৰ সন্ধিয়া ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰিছিল।

এই সন্দৰ্ভত ৰিয়া, সৌভিক, দীপেশ সাৱান্ত, আব্দুল বাছিত পাৰিহাৰৰ লগতে চিনেমা জগতৰ সৈতে জড়িত ১৯ গৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ উপৰি বলিউডৰ কেইবাগৰাকীও অভিনেত্ৰীক সোধা পোচা কৰিছে।