তৃতীয় সন্তানৰ বাবেও কৰ্মচাৰীয়ে লাভ কৰিব প্ৰসূতিকালীন ছুটী- বম্বে হাইকোৰ্টৰ নিৰ্দেশ

এটা বিশেষ প্ৰতিষ্ঠানৰ তৃতীয় সন্তানৰ বাবে কোনো প্ৰসূতিকালীন ছুটী নাছিল। সেই গোচৰত ১২ বছৰ পূৰ্বে বম্বে উচ্চ ন্যায়ালয়ে মহিলাসকলক প্ৰসূতিকালীন ছুটীৰ সকলো সুবিধা দিবলৈ নিৰ্দেশ দিছিল। আদালতে লক্ষ্য কৰিলে যে প্ৰতিষ্ঠালটো সন্তানসম্ভৱা কৰ্মচাৰীজনৰ প্ৰতি অধিক সহানুভূতিশীল হ’ব লাগিছিল।

২০১২ চনত মহিলাগৰাকীয়ে ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষত কৰ্মৰত আছিল। ছেপ্টেম্বৰ মাহত প্ৰসূতি ছুটীৰ বাবে আবেদন কৰিছিল। প্ৰথম বিবাহৰ পৰাই মহিলাগৰাকীৰ এটা সন্তান আছিল। প্ৰথম স্বামীৰ মৃত্যুৰ পাছত সহানুভূতিৰ ভিত্তিত চাকৰিটো দিয়া হৈছিল। ইয়াৰ পাছত মহিলাগৰাকীয়ে দ্বিতীয়বাৰৰ বাবে বিয়া পাতিলে। দ্বিতীয় বিবাহত আৰু দুটা সন্তান জন্ম দিলে। অভিযোগ অনুসৰি দ্বিতীয় বিবাহৰ দ্বিতীয় সন্তান জন্ম হোৱাৰ পূৰ্বেই মহিলাগৰাকীয়ে এজেন্সীলৈ প্ৰসূতি ছুটীৰ বাবে আবেদন কৰিছিল। কিন্তু কৰ্তৃপক্ষই তেওঁৰ আবেদন নাকচ কৰে। ইয়াৰ পাছত ২০১৫ চনত সংগঠনটোৰ শ্ৰমিক সংগঠন আৰু মহিলাগৰাকীয়ে ন্যায়সংগত অধিকাৰৰ দাবীত আদালতৰ কাষ চাপিছিল। ৯ বছৰ ধৰি এই গোচৰটো বম্বে উচ্চ ন্যায়ালয়ত চলি আছে।

এএআইয়ে যুক্তি দিছিল যে মহিলাগৰাকী তৃতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে। তেওঁলোকৰ সংগঠনৰ নিয়ম অনুসৰি এগৰাকী মহিলা শ্ৰমিকৰ দুটাতকৈ অধিক সন্তান থাকিলে প্ৰসূতিকালীন ছুটী পোৱা নাযায়। সেই নিয়ম অনুসৰি মহিলাগৰাকীৰ আবেদন নাকচ কৰা বুলি কোম্পানীটোৰ অধিবক্তাই আদালতত জনায়।

বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এ এছ চন্দুৰকাৰ আৰু ন্যায়াধীশ জিতেন্দ্ৰ জৈনৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে, “কৰ্মক্ষেত্ৰত মহিলাসকলক সন্মান কৰা উচিত। সন্তান জন্ম দিয়াটো তেওঁলোকৰ জীৱনৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। গতিকে এগৰাকী মহিলা শ্ৰমিকক সন্তান জন্ম দিবলৈ কৰ্মক্ষেত্ৰই যি কাম কৰিব লাগে, সেয়া কোম্পানীৰ মালিকৰ সহানুভূতিৰে কৰিব লাগে। কৰ্মক্ষেত্ৰত কৰ্তব্য পালন কৰাৰ সময়ত গৰ্ভৱতী মহিলাৰ শাৰীৰিক সমস্যাৰ বিষয়ে কৰ্তৃপক্ষই বিবেচনা কৰিব লাগে।”

২০১২ চনত প্ৰসূতিকালীন ছুটীৰ বাবে আবেদন কৰাৰ পূৰ্বে ২০০৯ চনত আন এটা সন্তান জন্ম দিছিল মহিলাগৰাকীয়ে। সেই সময়ত তেওঁ সেই কোম্পানীত কাম কৰি আছিল। কিন্তু সেই সময়ত তেওঁ প্ৰসৱৰ সময়ত প্ৰসূতি ছুটী লোৱা নাছিল। ২০১২ চনত তেওঁ প্ৰথমবাৰৰ বাবে এই ছুটীৰ বাবে আবেদন কৰিছিল। আদালতে কয় যে কোম্পানীয়ে মহিলাগৰাকীৰ ছুটীৰ আবেদন নাকচ কৰিব নালাগিছিল। আদালতে তেওঁক বৰ্তমান পাবলগীয়া প্ৰসূতি ছুটীৰ সকলো সুবিধা আঠ সপ্তাহৰ ভিতৰত দিবলৈ নিৰ্দেশ দিয়ে।