বঙাইগাঁও জিলাত ক’ভিডত এজনৰ মৃত্যু, নতুনকৈ আক্ৰান্ত ৩০ জন ব্যক্তি

asas

বঙাইগাঁও জিলাত শুকুৰবাৰে নতুনকৈ ৩০ জন ব্যক্তি ক’ভিড – ১৯ ত আক্ৰান্ত হৈছে ৷ আনহাতে মৃত্যু হৈছে এজন ব্যক্তিৰ ৷ মৃত ব্যক্তিজন বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ ৰূপজ্যোতি দত্ত(৩৭)।

ব্যক্তিজনৰ বঙাইগাঁৱৰ স্বাগত হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ।
ইপিনে জিলাখনত নতুনকৈ ৩০ জন ব্যক্তিৰ দেহত ক’ভিড প’জিটিভ ধৰা পৰাত বৰ্তমান ২৭২ জন ক’ভিডত আক্ৰান্ত সক্ৰিয় ৰোগী আছে ৷

ইয়াৰ ভিতৰত ১৭১ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ১০১ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷

সেইদৰে শুকুৰবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ৩০ জনকৈ ৰোগী ৷ যিটো ভাল খবৰ ৷ জিলাখনত শুকুৰবাৰে মুঠ ৩,৬১৫ জন ব্যক্তিক ক’ভিড টেষ্ট কৰা হয় ৷

আনহাতে জিলাখনত ১ মাৰ্চৰ পৰা ১১ জুনলৈ মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৩,২৪৬ জন হৈছে ৷

উল্লেখ্য যে জিলাখনত শুকুৰবাৰৰ দিনটোত ক’ভিড প’জিটিভিটিৰ হাৰ আছিল ০.৭ শতাংশ ৷