উত্তৰ-পূব গ্ৰন্থমেলাত গ্ৰন্থৰ সুবাস বিচাৰি গ্ৰন্থপ্ৰেমীৰ লানি : আদৰ বাঢ়িছে ‘ছাংলট ফেনলা’,ৰ দৰে গ্ৰন্থৰ

16regFair

বহু বাক-বিতণ্ডাৰ অন্তত অৱশেষত অনুষ্ঠিত হ’ল ২০ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা। স্থানো একেই থাকিল-চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰ। পূ্ৰ্বৰ দৰেই এইবাৰো গ্ৰন্থমেলাৰ বাকৰিত দেখা গ’ল গ্ৰন্থপ্ৰেমীৰ ভিৰ।

যোৱা ৯ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ বাৰ দিনীয়া কাৰ্যসূচী লৈ মহানগৰীত চলি আছে অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত অনুষ্ঠিত এই উত্তৰ-পূব গ্ৰন্থমেলা। লেথক, প্ৰকাশক, পঢ়ুৱৈ, কবি, শিল্পী-সাহিত্যিক সকলোৰে উপস্থিতিৰে এক সুন্দৰ পৰিবেশ বিৰাজ কৰিছে চানমাৰিৰ অসম অভিযান্ত্ৰিক খেল পথাৰৰত।

উল্লেখ্য যে, গ্ৰন্থমেলাখন অনুষ্ঠিত কৰা স্থানক লৈ এইবাৰ যথেষ্ট খামখেয়ালিৰ সৃষ্টি হৈছিল। অৱশ্যে বিভিন্নজনৰ প্ৰতিবাদ, ধাৰাবাহিক বাতৰি আদিৰ পাছত অসম চৰকাৰে বিষয়টোত হস্তক্ষেপ কৰিবলৈ বাধ্য হয়। অৱশেষত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপত চানমাৰিৰ বাকৰিতেই গ্ৰন্থমেলাখন অনুষ্ঠিত হ’ল।

উত্তৰ-পূব গ্ৰন্থমেলালৈ পঢ়ুৱৈ সমাজৰ লগতে বিদ্বৎ মহলৰ আদৰ দেখি উৎফুল্লিত অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থা। নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে কয়, ‘’এইখন ৰাইজৰ গ্ৰন্থমেলা, ৰাইজৰ উপস্থিতিয়েই ইয়াৰ প্ৰমাণ কৰিছে। আমি আশা কৰো এই গ্ৰন্থমেলাই কিতাপ পঢ়াৰ পৰিবেশ গঢ়ি তুলিব পাৰিব।‘’

তেওঁ লগতে এইবাৰ গ্ৰন্থমেলাত প্ৰায় পাঁচ কোটি টকাৰ কিতাপ বিক্ৰী হ’ব বুলি ধাৰণা কৰা বুলি জানিবলৈ দিয়ে।

এইবাৰ উত্তৰ-পূব গ্ৰন্থমেলাত ৰাজ্যৰ লগতে দেশ-বিদেশৰ মুঠ ১৭২ টা প্ৰকাশক আৰু বিক্ৰেতা গোষ্ঠীয়ে অংশ গ্ৰহণ কৰিছে। গ্ৰন্থমেলাত উপলব্ধ হৈছে অসমীয়া, ইংৰাজী, হিন্দী, বাংলা, বড়োকে ধৰি বহুকেইটা ভাষাৰ সামাজিক, ৰাজনীতি, অৰ্থনীতি, বিজ্ঞান বিষয়ক গ্ৰন্থ, উপন্যাস, প্ৰৱন্ধ সংকলন, ধৰ্মীয় গ্ৰন্থ, শিশু সাহিত্য, নাটক, কবিতা পুথি পাঠ্যপুথিকে আদি কৰি বিভিন্ন প্ৰকাৰৰ গ্ৰন্থ।

বনলতা, জ্যোতি প্ৰকাশন, অসম বুক ট্ৰাষ্ট, আঁক-বাক আদি অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠীয়ে জানিবলৈ দিয়ামতে এইবাৰ মনিকুন্তলা ভট্টাচাৰ্যৰ ‘জলকন্যা’, ময়ুৰ বৰাৰ ‘চিৰদিন অসমীয়া’, মৃণাল তালুকদাৰৰ ‘মান্দালয়’, অখিল গগৈৰ ‘অসমীয়া জাতীয়তাবাদ’, নীলিম আকাশ কাশ্যপৰ ‘গৰখীয়া’ আদি গ্ৰন্থকেইখন যথেষ্ট সংখ্যক গ্ৰাহকে ক্ৰয় কৰিছে। গ্ৰন্থমেলাত উপলব্ধ কিতাপ সমূহৰ ভিতৰত উপন্যাসৰ বিক্ৰীয়েই সৰ্বাধিক বুলি বিক্ৰেতাসকলে জানিবলৈ দিয়ে।

উল্লেখ্য যে, এইবাৰ গ্ৰন্থমেলাত প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ ‘ছাংলট ফেনলা’, ‘ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি’ৰ বিক্ৰী যথেষ্ট পৰিমানে হোৱা বুলি বিক্ৰেতাসকলে জানিবলৈ দিয়ে। হয়তো, বৰ্তমান সময়ত ৰাজ্যত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবেই পাঠকে পৰাগ কুমাৰ দাসৰ কিতাপ সমুহ অধিক আদৰি লৈছে বুলিও বিক্ৰেতাসকলে মত প্ৰকাশ কৰে।

বিক্ৰেতাসকলৰ মতে যোৱাবাৰৰ তুলনাত এইবাৰ তেওঁলোকৰ ব্যৱসায় তুলনামূলকভাৱে লাভজনক হৈছে।

গ্ৰন্থ বিপনীৰ উপৰিও গ্ৰন্থমেলাত সমান্তৰালভাৱে চলি আছে আলোচনা চক্ৰ, মত বিনিময় অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান আদিও।