অসমীয়া শিখসকল সাংস্কৃতিক সংক্ৰমণৰ উজ্জ্বল উদাহৰণ : ডঃ অমৰজ্যোতি চৌধুৰী

b6f88d8e-bca1-43b4-bb77-8c22b1e1f12e

নগাঁৱত ডঃ নন্দ সিং বৰকলাৰ ''শ্বহীদ কৰম সিংহ - বৰকলাৰ অতুল্য শিল্পকথা'' শীৰ্ষক গ্ৰন্থখন উন্মোচনৰ মুহূৰ্তত ড: অমৰজ্যোতি চৌধুৰী আৰু আন বিশিষ্ট ব্যক্তিসকল। ফটো : নৰ্থইষ্ট নাও

”সাংস্কৃতিক সংক্ৰমণ হৈছে সামাজিক অস্তিত্বৰ ৰূপান্তৰৰ এক সৃষ্টিশীল প্ৰক্ৰিয়া। শৈক্ষিক জগতত তাৰ ব্যাপক অধ্যয়ন-গৱেষণা হৈছে। অসমীয়া শিখসকল সাংস্কৃতিক সংক্ৰমণৰ উজ্জ্বল উদাহৰণ।”

নগাঁৱৰ বৰকলাৰ কৰম সিংহ ১৯৮৩ চনৰ অসম আন্দোলনত  শ্বহীদ হোৱাৰ স্মৃতি সুঁৱৰি বিশিষ্ট কবি ডঃ নন্দ সিং বৰকলাৰ ”শ্বহীদ কৰম সিংহ – বৰকলাৰ অতুল্য শিল্পকথা” শীৰ্ষক গ্ৰন্থখন দেওবাৰে উন্মোচন কৰি দিয়া ভাষণত এইদৰে কয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা সাহিত্যিক ড: অমৰজ্যোতি চৌধুৰীয়ে।

ড০ চৌধুৰীয়ে কয় যে অসমীয়া শিখ সকলৰ মাজত বিশেষকৈ বৰকলা গাঁৱৰ অসমীয়া শিখসকলৰ মাজত জীৱন-যাপনৰ প্ৰক্রিয়াৰ প্ৰতি যি মুকলি মন এটা দেখা যায়, তাৰ ফলতেই তেওঁলোকৰ সংস্কৃতিত অতি চহকী সাংস্কৃতিক সংক্ৰমণৰ ৰূপ দেখা যায়।

ভাষণ প্ৰসংগত শিখধৰ্মৰ লগত অসমৰ এক পুৰণি আত্মিক সম্পৰ্ক আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে শিখধৰ্মৰ প্ৰতিষ্ঠাতা গুৰু নানক ১৫০৫ চনতে অসমলৈ আহি প্ৰেম, একতা, সহনশীলতা আৰু উদাৰতাৰ বাণী বিলাইছিল। নৱম গুৰু টেগ বাহাদুৰে পশ্চিম অসমত বাহৰ পাতি থকা সময়তে মোগল আৰু আহোমসকলৰ মাজত শান্তি স্থাপনৰ প্ৰয়াস কৰিছিল।

শিখসকলে অসমীয়া সংস্কৃতিৰ সাৰ-অংশ গ্ৰহণ কৰিছে। আনহাতে অসমক আক্ৰমণ কৰা বহিৰ্শত্ৰুক প্ৰতিহত কৰিবলৈ আৰু অসমবাসীক সহায় কৰিবলৈ প্ৰায় দুহেজাৰ ছশ কিলোমিটাৰ আঁ‌তৰৰ পৰা অসমলৈ এক যুঁ‌জাৰুৰ দল আহিছিল বুলি উল্লেখ কৰি  বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয় যে সেই যুঁ‌জত তেওঁলোকৰ সেনাপতি নিহত হয় যদিও সেই যুঁ‌জাৰু দলটো উভতি নগ’ল। বৰং সাংস্কৃতিক উদাৰতাৰ এক স্মৰণীয় অধ্যায় আৰম্ভ কৰিলে। তেওঁ অসমবাসীক নৱম গুৰু টেগ বাহাদুৰৰ পৱিত্ৰ তিথি ১৮ এপ্ৰিলৰ দিনটো সমন্বয়ৰ দিন হিচাপে পালন কৰিবলৈ আহ্বান জনায়।

নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত গণ শিল্পী সুৰ্য দাসে কয় যে ধৰ্ম জাত-পাতৰ নামত অসমীয়া সমাজখন ধ্বংসৰ দিশে গতি কৰিছে। ভাগ ভাগ কৰা এই বিজতৰীয়া স্বভাৱটোৰ পৰিবৰ্তন আমি কৰিব লাগিব। এই সন্দৰ্ভত তেওঁ পুৰণি পুৰুষে যি ঘৰ ভাঙিলে, নতুন পুৰুষে সেই ঘৰ সাজিব লাগিব বুলি উল্লেখ কৰে।

বিশিষ্ট লেখিকা কবিতা ৰাণী দাসে আঁ‌ত ধৰা সভাখনত গ্ৰন্থখনৰ লেখক তথা সাহিত্যিক ড: নন্দ সিং বৰকলাই কয় যে শ্বহীদ কৰম সিঙৰ ইতিহাস চাই মই অভিভূত হৈ পৰিছোঁ। তেওঁ অসমীয়া শিখৰ এক দীঘলীয়া ইতিহাস আৰু ত্যাগৰ কথা উল্লেখ কৰি কয় যে অসমত শিখসকলে বসবাস কৰা আজি প্ৰায় দুশ বছৰ হৈছে। শিখসকলে অসমীয়া জাতি আৰু ভাষাক শক্তিশালী কৰাত সহায় কৰি আহিছে যদিও এই ক্ষুদ্ৰ জনগোষ্ঠীটো বছৰ বছৰ ধৰি চৰকাৰৰ অৱহেলাৰ বাবে  পিছপৰি আছে।

তেওঁ লগতে কয় যে এই পিছপৰা জনগোষ্ঠীটোৰেই শ্বহীদ চন্দন সিং আৰু কৰম সিঙৰ দৰে বহু জনে অসমীয়া ভাষাক শক্তিশালী কৰিবলৈ যুজঁ দি আহিছে। এই জনগোষ্ঠীটোক আগুৱাই নিবলৈ হ’লে মূল সুঁ‌তিৰ অসমীয়া সমাজখনে উদ্যোগ ল’ব লাগিব। তেওঁ ভাষণ প্ৰসংগত নন্দ সিং বৰকলাই জানিবলৈ দিয়ে যে আজি উন্মোচিত গ্ৰন্থখনৰ বিক্ৰী হোৱা ধনৰে শ্বহীদ কৰম সিঙৰ নামত বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।

সভাত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: কন্দৰ্প কুমাৰ ডেকা, বিশিষ্ট গৱেষক ড: নৰেন কলিতা, অধ্যক্ষ ড: শৰৎ বৰকটকী, সমালোচক প্ৰভাত বৰা, গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱা, কবি ডাঃ প্ৰয়াগ শ‌ইকীয়াকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।