গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত ‘আমাৰ পৃথিৱী আমাৰ পৰিৱেশ’ শীৰ্ষক গ্ৰন্থ উন্মোচন

বঙাইগাঁও চহৰৰ গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত লেখিকা যামিনী দেৱীৰ ‘আমাৰ পৃথিৱী আমাৰ পৰিবেশ’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মাই গ্ৰন্থখন উন্মোচন কৰে ৷

গ্ৰন্থখন উন্মোচন কৰি দিয়া চমু বক্তব্যত তেওঁ পৰিৱেশ সম্পৰ্কীয় এই গ্ৰন্থখনে ছাত্ৰ – ছাত্ৰীসকলৰ লগতে পাঠকক পৰিৱেশৰ লগত জড়িত বিভিন্ন বিষয় জনাত অৰিহণা যোগাব বুলি কয় ৷ উল্লেখ্য যে বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্থ বিজ্ঞানৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী তথা লেখিকা যামিনী দেৱীৰ ‘আমাৰ পৃথিৱী, আমাৰ পৰিৱেশ ‘গ্ৰন্থখন মূলত এখন পৰিৱেশ ভিত্তিক সংকলিত পুথি ৷ গ্ৰন্থখনত পাঠকে আমাৰ চৌপাশৰ পৰিৱেশৰ ওপৰত বৰ্তমানে আহি পৰা বিভিন্ন ধৰণৰ ভাবুকিৰ উমান পাব ৷ গ্ৰন্থ খনত সৰ্বমুঠ ৩৭ টা পৰিৱেশ সম্পৰ্কীয় পৰিচ্ছেদ আছে ৷ প্ৰতিটো পৰিচ্ছেদতে ৰজিতা খোৱাকৈ তথ্য আৰু চিত্ৰৰ সমাহাৰ ঘটিছে ৷ এক কথাত এইখন এখন তথ্যভিত্তিক সচিত্ৰ সকলো শ্ৰেণীৰ পঢ়ুৱৈৰ বাবে সময়োপযোগী পৰিৱেশ সম্পৰ্কীয় পুথি হিচাবে বিবেচিত হ’ব বুলি বহুতে মন্তব্য কৰিছে।

ঔষধি গছবোৰক চিনাকী কৰি দিয়াৰ বাবে গ্ৰন্থখনৰ বকলাত দুটা পৃষ্ঠাত সেইসমূহ গছৰ ৰঙীণ চিত্ৰ সংযোগ কৰা হৈছে ৷ গ্ৰন্থখন লেখিকাৰ স্বামী তথা ধুবুৰী জিলাৰ ভোলানাথ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বংকিম চন্দ্ৰ চক্ৰৱৰ্তীয়ে প্ৰকাশ কৰি উলিয়াইছে গ্ৰন্থ খন ৷ উল্লেখ্য যে গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত সভাপতিত্ব কৰে প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মাই ৷

অনুষ্ঠানত গ্ৰন্থখনৰ লেখিকা যামিনী দেৱীয়ে কয় যে সাহিত্যৰ লগত চাৰিটা দিশ জড়িত হৈ থাকে ৷  লেখক, পাঠক, সমাজ আৰু সংগঠক ৷ লেখকে লিখি যায়, পাঠকে পঢ়ে, লেখক আৰু পাঠকে মিলি এখন চিন্তাশীল সমাজৰ সৃষ্টি কৰে ৷ এই তিনিটা দলক একত্ৰিত কৰে সংগঠকে ৷ সংগঠক হ’ল অনুষ্ঠান আয়োজকসকল ৷ প্ৰেছ ক্লাবক সংগঠক আখ্যা দি গ্ৰন্থ উন্মোচনী অনুষ্ঠানটো আয়োজন কৰাৰ বাবে কৃতজ্ঞতা জনায় ৷

অনুষ্ঠানত গ্ৰন্থখনৰ প্ৰকাশক বংকিম চন্দ্ৰ চক্ৰৱৰ্তী, জ্যেষ্ঠ সাংবাদিক তেজেশ ত্ৰিপাঠীয়ে বক্তব্য ৰাখে ৷ অনুষ্ঠানত চিলাৰায় অফছেট প্ৰিণ্টৰ স্বত্বাধিকাৰী গৌতম মজুমদাৰো উপস্থিত থাকে ৷ উল্লেখ্য যে লেখিকা যামিনী দেৱীৰ ইয়াৰ পূৰ্বে প্ৰৱন্ধ, কবিতা, উপন্যাস, গল্প আদিকে ধৰি ৮ খন গ্ৰন্থ প্ৰকাশ পাইছে ৷