কলকাতাত ভূপেনদাৰ জীৱন আৰু কৃতি বিষয়ক গ্ৰন্থ উন্মোচন

Bhupenda-750x375

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অন্যান্যসকলৰ সৈতে প্ৰসিদ্ধ অভিনেতা জৰ্জ বেকাৰ আৰু চামেলি মেমচাব খ্যাত অভিনেত্ৰী বিনীতা বৰগোঁহাই।

প্ৰসিদ্ধ অভিনেতা জৰ্জ বেকাৰ আৰু চামেলি মেমচাব খ্যাত অভিনেত্ৰী বিনীতা বৰগোঁহাইয়ে দেওবাৰে কিংবদন্তি শিল্পী সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জীৱন আৰু কৃতি বিষয়ক গ্ৰন্থৰ প্ৰথম খণ্ড উন্মোচন কৰে।

কলকাতাৰ অসম হাউছত অনুষ্ঠিত উন্মোচনী সভাত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী উপস্থিত থাকে।

গ্ৰন্থখন সম্পাদনা কৰি উলিয়াইছে উৎপল মেনা আৰু ভৈৰৱানন্দ বৰাই।

গ্ৰন্থ উন্মোচনী সভাত ভাষণ দি মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে কয় যে ভূপেন হাজৰিকাৰ গীতে ক্ষমতাশালী শাসকৰ দমনৰ বিৰুদ্ধে কণ্ঠহীনৰ বাবে কণ্ঠ হৈ অহাৰ লগতে মানৱতা আৰু বিশ্ব ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰে।

তেওঁ কয় যে হাজৰিকাই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে গাইছিল আৰু  তেওঁৰ অসমৰ বিভিন্ন থলুৱা জনগোষ্ঠীৰ সংস্কৃতি তথা ৰীতি নীতিৰ সৈতে এক গভীৰ পৰিচয় আছিল।

তেওঁ লগতে কয় যে এই প্ৰৱন্ধ সংকলনখনে পাঠকক কিংবদন্তি গায়ক গৰাকীৰ জীৱন আৰু কৃতিৰ বিভিন্ন দিশৰ সৈতে পৰিচয় কৰাই দিব।

প্ৰসিদ্ধ অভিনেতা জৰ্জ বেকাৰে অনুষ্ঠানত বক্তব্য ৰাখি অসমৰ সৈতে তেওঁৰ আবেগিক সম্পৰ্কৰ কথা সোঁৱৰণ কৰে।

তেওঁ কয় যে অসমৰ মানুহৰ তেওঁৰ প্ৰতি থকা স্নেহ,অসমৰ নিৰ্ভাৰ প্ৰাকৃতিক সৌন্দৰ্য তথা ইয়াৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ বাবে এই সম্পৰ্ক সম্ভৱ হৈছে।

তেওঁ লগতে কয় যে এই সম্পৰ্ক ভূপেন হাজৰিকাৰ বাবেই সম্ভৱ হৈছিল। বব ডিলানৰ দৰে ভূপেন হাজৰিকাকো নোবেল দিয়া উচিত বুলিও তেওঁ মন্তব্য কৰে।

অনুষ্ঠানত অসম আৰু পশ্চিমবংগৰ বহুতো বিশিষ্ট শিল্পী, সাহিত্যিক, সাংবাদিক তথা আন সন্মানীয় ব্যক্তি উপস্থিত থাকে।