প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব ‘বৰদলৈ ট্ৰফী’

Bordoloi-trophy

প্ৰতিনিধিত্বমূলক চিত্ৰ

ডিব্ৰুগড়ৰ ফুটবল প্ৰেমীৰ বাবে সুখবৰ। কিয়নো প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব ‘বৰদলৈ ট্ৰফী’ ৰ মেচ। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত ৬৬ সংখ্যক বৰদলৈ ট্ৰফীৰ কেইখনমান গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব ডিব্ৰুগড়ত।

অসমৰ আগশাৰীৰ তথা সন্মানীয় ফুটবল প্ৰতিযোগিতাখনৰ বাবে উদ্যোক্তাই ডিব্ৰুগড়ক নিৰ্ধাৰণ কৰা বাবে স্থানীয় ফুটবল প্ৰেমীসকলৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

ডিব্ৰুগড়ৰ চৌকিদিঙি খেলপথাৰত ২০১৮ বৰ্ষৰ ৬৬ সংখ্যক ভাৰত ৰত্ন গোপীনাথ বৰদলৈ ট্ৰফীৰ গ্ৰুপ ‘এ’ৰ ৬খনকৈ গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব।  গ্ৰুপ ‘এ’ত প্ৰতিদ্বণ্ডিতা আগবঢ়াবলগীয়া চাৰিটা দল হৈছে বিএছএফ জলন্ধৰ, অইল ইণ্ডিয়া এফ চি ডুলিয়াজান, চিলং আৰু এএছইবি।

উদ্যোক্তাই জানিব দিয়া অনুসৰি মেচ কেইখন অহা ২৭, ২৮, ৩০, ৩১ অক্টোবৰ, ২ আৰু ৩ নৱেম্বৰত অনুষ্ঠিত হ’ব। মেচকেইখন দুপৰীয়া ঠিক ১.৩০ মিনিটৰ পৰা আৰম্ভ হ’ব।

‘ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বৰদলৈ ফুটবল ট্ৰফীৰ কেইখনমান গুৰুত্বপূৰ্ণ মেচ। মেচকেইখন উপভোগ কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছো’। এইদৰে ডিব্ৰুগড়ৰ এজন স্থানীয় ফুটবলপ্ৰেমীয়ে নৰ্থ-ইষ্ট নাওৰ আগত কয়।

উল্লেখ্য যে এই ঐতিহাসিক ফুটবল প্ৰতিযোগিতাখন আয়োজনৰ বাবে সুযোগ লাভ কৰা ডিব্ৰুগড় ক্ৰীড়া সন্থাই ইতিমধ্যে প্ৰতিযোগিতাখন সাফল্য মণ্ডিত কৰাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি চলাই আছে।

অসম তথা অসমৰ বাহিৰৰ শীৰ্ষ ক্লাবসমূহে অংশগ্ৰহণ কৰা ‘বৰদলৈ ট্ৰফী’ হৈছে অসমৰ এখন আটাইতকৈ জনপ্ৰিয় ফুটবল টুৰ্ণামেণ্ট। স্মৰ্তব্য যে ১৯৫২ চনৰ পৰা অসমত অনুষ্ঠিত হৈ আহিছে বৰদলৈ ট্ৰফী।